• আমেৰিকান সাংসদৰ স’তে ইমৰাণ খানৰ ফোন কল ফাদিলঃ কি কথা পাতিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে?

    আন্তঃৰাষ্ট্ৰীয়
    আমেৰিকান সাংসদৰ স’তে ইমৰাণ খানৰ ফোন কল ফাদিলঃ কি কথা পাতিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী সাংসদৰ অডিঅ’ ক্লিপ ফাদিল হৈছে। সাংসদগৰাকীৰ নাম মেক্সিন মূৰ বুলি জানিব পৰা গৈছে।

    ফাদিল হোৱা এই ফোন কলটোত ইমৰাণ খান আৰু তেওঁৰ দল পিটিআইৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে চলাই থকা দমন সন্দৰ্ভত আমেৰিকাৰ সাংসদগৰাকীৰ পৰা সহায় বিচাৰিছিল। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বিবৃতি দিবলৈও তেওঁ সাংসদগৰাকীক অনুৰোধ জনাইছিল।

    সেই অডিঅ’ ক্লিপটোত ইমৰাণ খানে আমেৰিকাৰ সাংসদজনক কৈছে যে পাকিস্তান বৰ্তমান ইতিহাসৰ আটাইতকৈ বিপদজনক পৰিস্থিতিত আছে। সমগ্ৰ দেশতে চৰকাৰী নিৰ্যাতন আৰু দমনত অতিষ্ঠ হৈ পৰিছে জনতা।

    ইমৰাণ খানে কয়, মই গুপ্তহত্যাৰ বলি হ’বলৈ উলাইছো। মোৰ ওপৰত তিনিটা গুলী নিক্ষেপ কৰা হ’ল। প্ৰাক্তন সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই আমাৰ চৰকাৰক উৎখাত কৰিছে। কাৰণ এই দেশত সেনাবাহিনী অতি শক্তিশালী।

    কামাৰ জাভেদৰ বিৰুদ্ধে আৰু অধিক অভিযোগ উত্থাপন কৰি ইমৰাণ খানে কয় যে তেওঁ (কামাৰ জাভেদ বাজৱাই) বৰ্তমান ক্ষমতাত থকাসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছে।

    মেক্সিনক ফোনত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বক্তব্য দিবলৈ অনুৰোধ কৰি ইমৰানে কয় যে দেশৰ এই কঠিন সময়ত আপোনাৰ দৰে কোনোবা এজনৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ।