• চীনলৈ যাব পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী

    আন্তঃৰাষ্ট্ৰীয়
    ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জর্দাৰী পাঁচদিনীয়া চৰকাৰী ভ্রমণসূচী লৈ মঙলবাৰে চীনলৈ যাব। এই ভ্ৰমণৰ সময়ত তেওঁ চীনৰ নেতাসকলৰ সৈতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্বন্ধসমূহৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰিব।


     ভ্রমণকালত তেওঁ অর্থনৈতিক আৰু বাণিজ্যৰ সহযোগিতা, নিৰাপত্তা 'বিষয়ক সহযোগিতাৰ বিষয়তো চীনৰ নেতাসকলেৰে আলোচনাত মিলিত হ'ব।

     পাকিস্তানৰ বৈদেশিক ম্যালয়ে সোমবাৰে সদৰী কৰা অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণ ক্রমে ৰাষ্ট্ৰপতি জৰ্দাৰী চীনলৈ যাব আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ লগতে প্রধানমন্ত্রী লি কিয়াং আৰু অন্য জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গৰ লগত উচ্চক্তৰীয় আলোচনাত মিলিত হ'ব।