ডিজিটেল ডেস্কঃ পাকিস্তানৰ অশান্ত বেলুচিস্তান প্রদেশত সন্দেহজনক সন্ত্রাসবাদীয়ে বুধবাৰে নিশা বাছ এখনৰ পৰা যাত্রীসকলক নমাই নির্বিচাৰে গুলীচালনা কৰে। এই গুলীচালনাত ছজন লোক নিহত হয়।
বৃহস্পতিবাৰে চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি, ঘটনাস্থলীতে পাঁচজন যাত্ৰীৰ মৃত্যু হয় আৰু পাছত আহতজনৰ মৃত্যু হয়।
প্রদেশখনৰ গাৱাডাৰ জিলাত কৰাচী অভিমুখী এখন বাছত সন্দেহজনক সন্ত্রাসবাদীয়ে আক্রমণ চলায়। আনহাতে, বৃহস্পতিবাৰে প্ৰদেশখনৰ কুৱেটা এলেকাৰ এখন বজাৰত আৰক্ষীৰ বাহন এখনৰ সমীপুত্র এটা বোমা বিস্ফোৰণ হয়। বিস্ফোৰণটোত দুজনৰ মৃত্যু আৰু ১৭জন লোক আহত হয়। বেলুচিস্তানৰ চৰকাৰী মুখপাত্র ছহিদ ৰিন্দে কয় যে আৰক্ষী বাহনখনৰ সমীপত এখন মটৰ চাইকেলত আই ই ডি এটা সংস্থাপন কৰিছিল সন্ত্রাসবাদীয়ে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment