• পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনাঃ বন্দুকধাৰীৰ গুলীচালনাত নিহত হ’ল কমেও ৯ জন লোক

    আন্তঃৰাষ্ট্ৰীয়
    পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনাঃ বন্দুকধাৰীৰ গুলীচালনাত নিহত হ’ল কমেও ৯ জন লোক
    ডিজিটেল ডেস্কঃ এটাৰ পাছত এটাকৈ বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এইবাৰ টেক্সাছৰ এটা শ্বপিং মলত আক্ৰমণ চলালে বন্দুকধাৰীয়ে। বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক আহত হয়। আৰক্ষীৰ গুলীত মৃত্যু হয় বন্দুকধাৰীজনৰ।

    শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। টেক্সাছৰ ডালাছৰ এটা জনপ্ৰিয় শ্বপিং মলত সেই সময়ত বহুতে বজাৰ কৰাত ব্যস্ত আছিল। হঠাতে বন্দুকধাৰীৰ গুলীচালনা আৰম্ভ হয়। হত্যাকাৰী যুৱকজনৰ গুলীচালনাত ১৬ জন লোক গুৰুতৰভাৱে আহত হয়।

    গুলীচালনাৰ তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৯ জন লোকৰ মৃত্যু ঘটে।

    নিহতসকলৰ ভিতৰত এটা ৫ বছৰীয়া শিশুও আছে। বাকী আহতসকল এতিয়াও চিকিৎসাধীন হৈ আছে। সংবাদমেলযোগে আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীজনে অকলেই শ্বপিং মলটোত আক্ৰমণ চলাইছিল। ইয়াৰ পিছতে হত্যাকাৰী যুৱকৰ ওপৰত গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ হৈ থিতাতে তেওঁৰ মৃত্যু হয়। ব্যস্ত শ্বপিং মলটোত আক্ৰমণৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।