• এজন ব্যক্তি আৰু এটা গড়ঁ মাজৰ সম্পৰ্কই নেটিজেনৰ মাজত সৃষ্টি কৰিছে উৎকণ্ঠাৰ

    আন্তঃৰাষ্ট্ৰীয়
    এজন ব্যক্তি আৰু এটা গড়ঁ মাজৰ সম্পৰ্কই নেটিজেনৰ মাজত সৃষ্টি কৰিছে উৎকণ্ঠাৰ
    ডিজিটেল ডেস্কঃ ইন্টাৰনেটত চৰ্চাত আহি পৰিছে৷এটা বিশেষ ভিডিঅ’৷ দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা গাৰ্থ ডি ব্ৰুনো অষ্টিনে চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ ওচৰলৈ গৈছিল এটা গঁড়। তাৰ পিছত চিনেমা নিৰ্মাতাই গঁড়টোক পেট ঘঁহিবলৈ ধৰিলে৷

    আমাৰ বহুতেই বন্যপ্ৰাণীক ওচৰৰ পৰা অনুভৱ কৰিব বিচাৰে। সেইটোৱেই এটা কাৰণ যে আমাৰ বহুতেই অভয়াৰণ্য আৰু অন্যান্য প্ৰাকৃতিক সংৰক্ষিত বনাঞ্চললৈ ভ্ৰমণৰ পৰিকল্পনা কৰে যাতে আমি বন্যপ্ৰাণীৰ দৈনন্দিন জীৱন চাব পাৰো। কিন্তু, অন্বেষণ কৰি থাকোঁতে যদি কোনো বিশাল বন্যপ্ৰাণী আপোনাৰ ওচৰলৈ আহে তেন্তে কি হ’ব? আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব? আপুনি হয়তো সেই ঠাইৰ পৰা পলাই যাবলৈ চেষ্টা কৰিব যদিহে আপুনি গাৰ্থ ডি ব্ৰুনো অষ্টিন নহয়।

    দক্ষিণ আফ্ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা গাৰ্থ ডি ব্ৰুনো অষ্টিনে চিত্ৰগ্ৰহণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এটা গঁড়ৰ কাষ চাপিছিল। আৰু যেতিয়া গঁড়টো ওচৰ চাপি আহিল, তেতিয়া ছবি নিৰ্মাতাই তাইৰ পেটত ঘঁহিবলৈ ধৰিলে৷ টুইটাৰত @Figensport হেণ্ডলে শ্বেয়াৰ কৰা ১৫ ছেকেণ্ডৰ ভিডিঅ’টোত আপুনি দেখিবলৈ পাব আমোদজনক কেমেৰামেন আৰু এগৰাকী মহিলাই গঁড়ৰ পেট ঘঁহি থকা। এই ভিডিঅ'টো প্ৰথমে ছয়বছৰ পূৰ্বে গাৰ্থ ডি ব্ৰুনো অষ্টিনে নিজৰ ইউটিউবত শ্বেয়াৰ কৰিছিল।