• নেইল এক্সটেনচন কৰি মহা বিপদত যুৱতী! নখ হ’ল বেয়া, লৰচৰ কৰিব নোৱাৰা হ’ল হাত

    আন্তঃৰাষ্ট্ৰীয়
    নেইল এক্সটেনচন কৰি মহা বিপদত যুৱতী! নখ হ’ল বেয়া, লৰচৰ কৰিব নোৱাৰা হ’ল হাত
    ডিজিটেল ডেস্কঃ যুৱতীসকলে নখ সুন্দৰকৈ ৰাখি ভালপায়। বৰ্তমান যুৱতীসকলে ফেশ্বনৰ কবলত পৰি নেইল এক্সটেনচন কৰে। এগৰাকী যুৱতীয়ে জেল নেইল এক্সটেনচন কৰিবলৈ গৈয়েই মাতি আনিলে বিপদ। ইয়াৰ বাবে তেওঁ হাত লৰচৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলালে।

    যুৱতীগৰাকীৰ নাম লিজা ডেৱেই। নিউয়ৰ্কৰ ছয়ত্ৰিশ বছৰীয়া লিজাই ধুনীয়াকৈ নখ ৰাখি ভাল পায়। সেয়ে তেওঁ কেইবাবাৰো নেইল এক্সটেনচন কৰিছে।

    শেহতীয়াকৈ নেইল এক্সটেনচন কৰাৰ পাছত লিজাই দেখিলে যে হাতখন বৰকৈ জ্বলি পুৰি আছে। লিজাই ডাক্তৰৰ ওচৰলৈ গ’ল। ডাক্তৰে নখ পৰীক্ষা কৰি বুজিব পাৰে যে নখত বেক্টেৰিয়াৰ সংক্ৰমণ হৈছে। ডাক্তৰৰ চেষ্টাত সুস্থ হৈ উঠে লিজা ডেৱেই।

    কিন্তু তাৰপাছতো লিজাই নেইল এক্সটেনচন কৰিবলৈ নেৰিলে। আকৌ তেওঁ গ’ল নেইল এক্সটেনচন কৰাবলৈ। এইবাৰ আকৌ যুৱতীগৰাকীৰ আঙুলিত তীব্ৰ বিষ অনুভৱ হ’ল। হাতৰ শক্তিও অলপ সময়ৰ ভিতৰতে হেৰুৱাই পেলালে। তেওঁৰ নখৰ অৱস্থাও বৰ বেয়া হৈ পৰিল। তেওঁৰ আঙুলিৰ ছালখন বৰ বেয়া হৈ গৈছে। নখবোৰো হৈ পৰিল অতি বেয়া।  বিষৰ বাবে আঙুলিবোৰো লৰচৰ কৰিব নোৱাৰা হৈ পৰিল। এতিয়া লাজতে হাতখন কাকো দেখুৱাব নোৱাৰা হ’ল লিজাই।