• আমাজন বৰ্ষাৰণ্যত উদ্ধাৰ হৈছে মৃত সাপ; অপাৰ উৎসুকতা পৰিবেশ গৱেষকৰ মাজত

    আন্তঃৰাষ্ট্ৰীয়
    আমাজন বৰ্ষাৰণ্যত উদ্ধাৰ হৈছে মৃত সাপ; অপাৰ উৎসুকতা পৰিবেশ গৱেষকৰ মাজত
    ডিজিটেল ডেস্ক: আমাজন বৰ্ষাৰণ্যত বিশ্বৰ অন্যতম বৃহৎ বুলি ধাৰণা কৰা এটা বিশাল এনাকোণ্ডা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰাৰম্ভিক উদ্ধাৰকাৰ্যত সহায় কৰা এগৰাকী সাপ গৱেষকৰ মতে বন্দুকৰ গুলীৰ আঘাত সাপটোৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। 

    আনা জুলিয়া নামৰ এই বিশাল সৰীসৃপটো পাঁচ সপ্তাহ পূৰ্বে দক্ষিণ ব্ৰাজিলৰ মাটো গ্ৰোচো ডো ছুল ষ্টেটৰ বনিটোৰ গ্ৰাম্য অঞ্চলৰ ফৰ্মোচো নদীত পোৱা গৈছিল বুলি ‘ইণ্ডিপেণ্ডেণ্ট’এ সদৰী কৰিছে৷

    সাপটোক গুলীয়াই হত্যা কৰা হৈছে বুলি অনুমান কৰাৰ মাজতে আনা জুলিয়াৰ আৱিষ্কাৰৰ সৈতে জড়িত এজন ডাচ্চ গৱেষকে গুৰুত্ব আৰোপ কৰিছিল যে মৃত্যুৰ কাৰণৰ অনুসন্ধান এতিয়াও চলি আছে।

    অধ্যাপক ফ্ৰিক ভংকে দুৰ্ভাগ্যজনক খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল, মোৰ হৃদয়ভৰা প্ৰচণ্ড বেদনাৰ সৈতে আপোনালোকক জনাব বিচাৰো যে মই সাঁতুৰি থকা শক্তিশালী বৃহৎ সেউজীয়া এনাকোণ্ডাটো এই সপ্তাহান্তত নদীত মৃত অৱস্থাত পোৱা গৈছিল।