• ভাৰতৰ বিৰুদ্ধে বাৰে-বাৰে ভিত্তিহীন অভিযোগ চীনৰ; ৯ মাৰ্চত অৰুণাচল ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

    আন্তঃৰাষ্ট্ৰীয়
    ভাৰতৰ বিৰুদ্ধে বাৰে-বাৰে ভিত্তিহীন অভিযোগ চীনৰ; ৯ মাৰ্চত অৰুণাচল ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে
    ডিজিটেল ডেস্ক: ১৯৮৭ চনত অৰুণাচল প্ৰদেশক নিজৰ দখললৈ আনিছিল ভাৰতে। শেহতীয়াকৈ অৰুণাচলক লৈ পুনৰ এনে অযুক্তিকৰ দাবী তুলিলে চীনে। দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তাৰ দাবী– ১৯৮৭ চনত ভাৰতে অবৈধভাৱে দখল কৰিছিল অৰুণাচল। 

    চীনে সেই সময়ৰ পৰাই এনে কাৰ্যৰ বিৰোধিতা কৰি আহিছে বুলি দাবী কৰিছে চীনা প্ৰবক্তাগৰাকীয়ে। ইতিমধ্যে জাংনান নামেৰে অৰুণাচলক নামাকৰণ কৰিছিল চীনে। দেশখনৰ মতে ভাৰতৰ পূৰ্বে সমগ্ৰ অঞ্চলটোত শাসন চলাইছিল চীন দেশে। এনেদৰে যুক্তিহীন দাবীৰে বাৰে বাৰে অৰুণাচলক নিজৰ বুলি দাবী কৰি আহিছে আগ্ৰাসী চীন চৰকাৰে। 

    ইতিমধ্যে চলিত মাহত চতুৰ্থবাৰলৈ অৰুণাচলক নিজৰ বুলি দাবী কৰিলে দেশখনে। চীনৰ এনে দাবীক শেহতীয়াকৈ ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে ভিত্তিহীন বুলি দাবী কৰিছিল। ছিংগাপুৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চীনক এনেদৰে প্ৰত্যুত্তৰ দিছিল ভাৰতৰ বিদেশমন্ত্ৰীগৰাকীয়ে। 

    দৰাচলতে ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছিল অৰুণাচল প্ৰদেশ। য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৩ হাজাৰ ফুট উচ্চতাত মুকলি কৰিছিল সামৰিক দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ ছেলা সুৰংগ পথ। যাৰ জৰিয়তে অৰুণাচলৰ টাৱাং তথা নিচেই সমীপতে থকা চীনা সীমান্তলৈ সহজসাধ্য হৈ পৰিছে সামৰিক বাহিনীৰ যাতায়াত। যাক লৈ তীব্ৰ অসন্তুষ্টি দৰ্শাই আহিছে চীনে। ১.৫ কিলোমিটাৰ দৈৰ্ঘৰ অত্যধুনিক ছেলা সুৰংগ এতিয়া চীনৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি সদৃশ। যাৰ বাবে ছেলা সুৰংগ মুকলি কৰি ভাৰতে LACত উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে দেশখনে। 

    যাৰ পৰিণতিত এনেদৰে পুনৰবাৰ অৰুণাচলক লৈ অযুক্তিকৰ দাবী তুলিলে আগ্ৰাসী চীন চৰকাৰে।