• এছ এছ নেমেছিছঃ অষ্ট্ৰেলিয়াত উদ্ধাৰ হ’ল ১২০ বছৰ পূৰ্বে অন্তৰ্ধান হোৱা এখন জাহাজ, সাগৰৰ ৫২৫ ফুট গভীৰতাত পৰি আছে জাহাজখন

    আন্তঃৰাষ্ট্ৰীয়
    এছ এছ নেমেছিছঃ অষ্ট্ৰেলিয়াত উদ্ধাৰ হ’ল ১২০ বছৰ পূৰ্বে অন্তৰ্ধান হোৱা এখন জাহাজ, সাগৰৰ ৫২৫ ফুট গভীৰতাত পৰি আছে জাহাজখন
    ডিজিটেল ডেস্কঃ ১২০ বছৰ পূৰ্বে এছ এছ নেমেছিছ নামৰ এখন জাহাজ ৰহস্যজনকভাৱে সাগৰত অন্তৰ্ধান হৈছিল। সেই জাহাজখনত ৩২ জন ক্ৰু মেম্বাৰ আছিল। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত  সেই জাহাজ পোৱা গ’ল।

    নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৯০৪ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা কয়লা লৈ এই ভাপ জাহাজখন যাত্ৰা কৰিছিল। কিন্তু নিউ চাউথ ৱেলছৰ ওচৰত ইয়াক এক শক্তিশালী ধুমুহাই আঘাত কৰে। সেই ঘটনাৰ পিছত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় যদিও জাহাজখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱা নাই। ফলত ক’লৈ নোহোৱা হৈ গ’ল সেয়া ৰহস্য হৈয়েই থাকিল।

    সেই প্ৰতিবেদন অনুসৰি ‘ছাবছি প্ৰফেচনেল মেৰিন চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে কেইবাদিনো সাগৰৰ তলত মালবাহী জাহাজখনৰ সন্ধানত আছিল। তেতিয়াই ছিডনীৰ ওচৰত সাগৰৰ তলত এখন জাহাজ ধ্বংসস্তূপ পোৱা গৈছিল। সংস্থাটোৱে সাগৰৰ ৫২৫ ফুট গভীৰতাত উদ্ধাৰ কৰে ধ্বংসাৱশেষ। কিন্তু সংস্থাটোৱে নিশ্চিত হ’ব পৰা নাছিল যে এই ধ্বংসাৱশেষ এছ এছ নেমেছিছৰ।

    ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ নেচনেল ছায়েন্স এজেন্সীয়েও এই সন্ধানত যোগদান কৰে। সাগৰৰ তললৈ গৈ, ধ্বংসাৱশেষৰ ফটো তুলি আৰু জাহাজৰ বৈশিষ্ট্য তুলনা কৰি। ছবিসমূহ পৰীক্ষা কৰাৰ পিছত তেওঁলোকে নিশ্চিত কৰে যে ধ্বংসাৱশেষটো এছ এছ নেমেছিছৰ। জাহাজখনৰ বেছিভাগ অংশও অক্ষত অৱস্থাত আছে বুলি বিজ্ঞান সংস্থাটোৱে জানিবলৈ দিয়ে। ধুমুহাৰ বাবে জাহাজখনৰ ইঞ্জিন বিকল হোৱা বুলি দাবী কৰে। ইয়াৰ বাহিৰেও জাহাজখনত প্ৰকাণ্ড ঢৌৱে খুন্দা মাৰিছিল। ফলত শ্ৰমিকসকলে লাইফবোটখন লৈ পলায়নৰ সুযোগ নাপালে।

    অষ্ট্ৰেলিয়া চৰকাৰে জাহাজখনৰ ক্ৰুৰ পৰিয়ালৰ সন্ধান আৰম্ভ কৰিছে। নিউ চাউথ ৱেলছৰ পৰিৱেশ মন্ত্ৰী পেনি শ্বেপে কয় যে এই দুৰ্ঘটনাত ৪০টা শিশুৱে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছে। জাহাজ ধ্বংসস্তূপৰ আৱিষ্কাৰে সেই পৰিয়ালসমূহক চিনাক্ত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। শ্বেপে কয় যে এই দুৰ্ঘটনাক ছিডনীৰ সামুদ্ৰিক ইতিহাসৰ আটাইতকৈ ৰহস্যজনক দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে। এছ এছ নেমেছিছৰ উদ্ধাৰে নিউ চাউথ ৱেলছৰ ইতিহাসত এক নতুন অধ্যায় লিখিব।