• ইৰানৰ হিজাববিৰোধী আন্দোলনৰ বৃহৎ সফলতাঃ প্ৰত্যাহাৰ কৰা হ’ল ৰক্ষণশীল চৰকাৰৰ মৰেল পুলিচ বাহিনীক

    আন্তঃৰাষ্ট্ৰীয়
    ইৰানৰ হিজাববিৰোধী আন্দোলনৰ বৃহৎ সফলতাঃ প্ৰত্যাহাৰ কৰা হ’ল ৰক্ষণশীল চৰকাৰৰ মৰেল পুলিচ বাহিনীক
    ডিজিটেল ডেস্কঃ ইৰানৰ হিজাববিৰোধী আন্দোলনে প্ৰথমটো বৃহৎ সফলতা লাভ কৰিলে। কট্টৰ ইছলামিক দেশখনৰ পৰা প্ৰশাসনে উঠাই ল’লে মৰেল পুলিচ বাহিনীক। এই মৰেল পুলিচ বাহিনীয়ে মহিলাৰ পোছাকৰ ওপৰত চকু ৰাখিছিল। এই মৰেল পুলিচ বাহিনীৰ ওপৰতে খৰ্গহস্ত হৈ পৰিছিল ইৰানৰ প্ৰগতিশীল নাৰীসকল।

    দেওবাৰে জানিব পৰা মতে, ইৰানৰ চৰকাৰে এই মৰেল পুলিচ বাহিনী প্ৰত্যাহাৰ কৰিছে। ইৰানৰ সংবাদ সংস্থা আইএচএনএত প্ৰকাশ পাইছে এই কথা। বাতৰি অনুসৰি, ইৰানৰ কেন্দ্ৰীয় চৰকাৰৰ এটৰ্ণী জেনেৰেল মহম্মদ জাফৰ মন্তেজাৰিয়ে জনাইছে যে মৰেল পুলিছবাহিনী কোনো দিনেই চৰকাৰৰ কেন্দ্ৰীয় বিচাৰ ব্যৱস্থাৰ অন্তৰ্গত নাছিল।

    উল্লেখ্য যে ইৰানৰ মৰেল পুলিছবাহিনীটোক ‘গস্ত-এ-এৰছাদ’ বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে ‘পথপ্ৰদৰ্শক বাহিনী’। এই বাহিনীটো গঠন হৈছিল ২০০৬ চনৰ পৰা। ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাহমুদ আহমাদিনেজাদে প্ৰতিষ্ঠা কৰিছিল এই বাহিনীটো।

    আহমাদিনেজাদে প্ৰতিষ্ঠা কৰা এই ‘গস্ত-এ-এৰছাদ’ৰ বিষয়ে কোৱা হৈছিল যে এই বাহিনীৰ লক্ষ্য হ’ব ইৰানৰ হিজাব সংস্কৃতি যথাযথভাৱে পালন হৈছে নে নাই- তাক নিশ্চিত কৰা।