• কানাডাত কৰুণ ঘটনা! ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু কন্যাসহ ভাৰতীয় মূলৰ দম্পতীৰ

    আন্তঃৰাষ্ট্ৰীয়
    কানাডাত কৰুণ ঘটনা! ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু কন্যাসহ ভাৰতীয় মূলৰ দম্পতীৰ
    ডিজিটেল ডেস্কঃ কানাডাত ৰহস্যজনক মৃত্যু ভাৰতীয় মূলৰ এহাল দম্পতী আৰু তেওঁলোকৰ কন্যাৰ। ৰহস্যজনকভাৱে তেওঁলোকৰ ঘৰত হোৱা অগ্নিকাণ্ডৰ ফলত তেওঁলোকৰ মৃত্যু হয়। অগ্নিকাণ্ডৰ ফলত তিনিওজনৰে মৃত্যু হয়। ৰহস্যজনকভাৱে ঘৰটোত জুই লাগিছিল। 

    আৰক্ষীয়ে জনোৱা মতে, মৃত লোকসকলৰ নাম ৰাজীৱ ৱাৰিকাও (৫১), শিল্পা কোঠা (৪৭) আৰু মেহক ৱাৰিকাও (১৬)।

    তেওঁলোকে কানাডাৰ অন্টাৰিঅ’ প্ৰদেশত বাস কৰিছিল। তিনিওজন লোকৰ দেহ ইমানেই বেয়াকৈ জ্বলি গৈছিল যে প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল। 

    আৰক্ষীয়ে তদন্ত কৰি গম পায় যে এয়া কোনো দুৰ্ঘটনা নহয়। তেওঁলোকৰ ঘৰটোত কোনো লোকে অগ্নি সংযোগ কৰিছিল। 

    ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰটোত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল আৰু তাৰপাছতেই তেওঁলোকৰ ঘৰটো ভয়ংকৰ জুই দপদপকৈ জ্বলি উঠি আগুৰি ধৰিছিল। ক্ষন্তেকতে জাহ যায় ঘৰটো আৰু তিনিটিকৈ প্ৰাণ। তেওঁলোকে দেখিলে যে ঘৰটোত দপদপকৈ জুই জ্বলি আছে।

    বাতৰি অনুসৰি, ৰাজীৱ ৱাৰিকাই আগতে টৰন্টো পুলিচতো কাম কৰিছিল। ২০১৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। কন্যা মেহক ফুটবল খেলৰ সৈতে জড়িত আছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

    তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।