ডিজিটেল ডেস্কঃ লকডাউন বিৰোধী প্ৰতিবাদে স্তব্ধ কৰা চীনত এতিয়া চৰকাৰে কেতবোৰ শিথিল নিয়ম গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ কৰোনা প্ৰতিৰোধৰ বাবে চীনৰ চৰকাৰে ঘোষণা কৰা লকডাউনৰ বিৰুদ্ধে দেশখনৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহিছে।
প্ৰশাসনে জনসাধাৰণৰ মতামতত গুৰুত্ব নিদি নিজৰ মতেই সকলো কৰি গৈছিল যদিও শেহতীয়াকৈ যেন জনতাৰ প্ৰতিবাদে চৰকাৰক কিছু সেওঁ মনাবলৈ সক্ষম হৈছে৷। বেইজিঙকে ধৰি চীনৰ আন বহু চহৰৰ দৰে চীনৰ চৰকাৰে এইবাৰ ছাংহাইত কোভিডৰ নিয়ম শিথিল কৰিছে। সোমবাৰৰ পৰা এই চহৰখনত চৰকাৰী বাহনত উঠিবলৈ কৰোনা পৰীক্ষাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নহ'ব। ছাংহাইৰ সকলো মল, দোকান আৰু বজাৰ সোমবাৰৰ পৰা পুনৰ মুকলি হৈছে।
চহৰখনৰ সকলো উদ্যান, খেলপথাৰ, মুকলি প্লেটফৰ্মৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য হ'ব। চীনৰ এখন দৈনিক বাতৰি কাকতত স্থানীয় প্ৰশাসনৰ উদ্ধৃতি দি কোৱা হৈছে যে এই মুকলি অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ আৰু কোনো কৰোনা পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰয়োজন নহ'ব।
স্থানীয় প্ৰশাসনে কৰোনাৰ এক শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। বছৰটোৰ শেষত চীনে সেই নীতি শিথিল কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে চীনৰ চৰকাৰে বেইজিং, গুয়াংঝৌ চহৰ, উত্তৰৰ শিঝাউয়াং, দক্ষিণ-পশ্চিমৰ চেংডুকে ধৰি কেইবাখনো চহৰত লকডাউন ঘোষণা কৰিছিল৷
Leave A Comment