• ঘূৰ্ণীবতাহ চিত্ৰাঙৰ কাল ৰূপ! বাংলাদেশত মৃত্যু ৭ জনৰ ; মেঘালয়ত হাই এলাৰ্ট জাৰি

    আন্তঃৰাষ্ট্ৰীয়
    ঘূৰ্ণীবতাহ চিত্ৰাঙৰ কাল ৰূপ! বাংলাদেশত মৃত্যু ৭ জনৰ ; মেঘালয়ত হাই এলাৰ্ট জাৰি
    ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। ঘূৰ্ণীবতাহ চিত্ৰাঙে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। বাংলাদেশত এই পৰ্যন্ত মৃত্যু ৭ গৰাকীৰ। এই ঘূৰ্ণীবতাহৰ কবলত পৰিছে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যও। ইয়াত জাৰি কৰা হৈছে হাই এলাৰ্ট। পশ্চিম বংগৰ লগতে উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যত বৰ্তমানে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

    উত্তৰ পূৱৰ মেঘালয়ত এতিয়া ৰেড এলাৰ্টৰ পাছত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।  ৰাজ্যখনৰ ৪ খন জিলাৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ। বাংলাদশৰ সীমান্তৰ জিলা পূব আৰু পশ্চিমৰ জয়ন্তিয়া পাহাৰ, পূব খাচী পাহাৰ আৰু দক্ষিণ পশ্চিম খাচী পাহাৰ। উত্তৰ পূৱৰ ৰাজ্যকেইখনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। কালিৰে পৰা অসমতো বৰষুণ দি থকা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে ম্লান পৰিল দেৱালী আৰু কালী পূজাৰ আনন্দ। 

    বংগোপসাগৰৰ প্ৰচণ্ড ধুমুহা চিত্ৰাঙৰ আতংক পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনত প্ৰচণ্ড ধুমুহাৰ লগতে বৃদ্ধি পাইছে বৰষুণ। মাজে মাজে হ'ব লঘুৰ পৰা মধ্যমীয়া বৰষুণ।

    জানিব পৰা অনুসৰি বংগোপ সাগৰৰ পৰা অতি শক্তিশালী ৰূপত উত্তৰ-পূৱ দিশে অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ চিত্ৰাং। বৰ্তমানলৈ বাংলাদেশত এই ঘূৰ্ণীবতাহ চিত্ৰাঙৰ বাবে ৭ গৰাকী লোকে প্ৰাণ হেৰুৱা ঘটনাই চিন্তাত পেলাইছে জনসাধাৰণক। ক্ষয়ক্ষতিৰ পৰিমানো ক্ৰমান্বয়ে অধিক বৃদ্ধি পাই গৈ আছে। 

    সাগৰৰ পাৰৰ পৰা সকলো লোককে আঁতৰি থাকিবলৈ আহ্বান প্ৰশাসনৰ ফালৰ পৰা। ৩০ হাজাৰৰো অধিক লোকক বাংলাদেশৰ সাগৰৰ ওচৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।