• ভবা মতে হোৱা নাই কাম, টুইটাৰ ক্ৰয় কৰাৰ চিন্তা বাদ দিলে এলন মাস্কে

    আন্তঃৰাষ্ট্ৰীয়
    ভবা মতে হোৱা নাই কাম, টুইটাৰ ক্ৰয় কৰাৰ চিন্তা বাদ দিলে এলন মাস্কে
    ডিজিটেল ডেস্কঃবহু আশা কৰি তেওঁ টুইটাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু দৰে-দামে মিলাৰ পিছতো এতিয়া আন কেতবোৰ কাৰকৰ বাবে টুইটাৰ ক্ৰয়ৰ আশা একপ্ৰকাৰ বাদেই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কে৷শেহতীয়াকৈ  এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ বাবে কৰা  ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ বাতিল কৰা বুলি জানিব পৰা গৈছে। টুইটাৰে ভুৱা একাউণ্টৰ সংখ্যাৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰিয়েই মাস্কে সেই  চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে৷

    মাস্কৰ মতে টুইটাৰে তেওঁৰ সৈতে কৰা  সামগ্ৰিক চুক্তি  উলংঘন কৰিছে৷ মাস্কে টুইটাৰৰ পৰা ভুৱা একাউণ্টৰ তথ্য বিচাৰি আছিল যদিও টুইটাৰে সেয়া দিয়া নাছিল৷ মাস্কৰ অধিবক্তা  মাইক ৰিংলাৰে প্ৰকাশ কৰা মতে  মাস্কৰ ইচ্ছাৰ বিপৰীতে গৈ  টুইটাৰে চুক্তিখন বলবলৱৎ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে৷চুক্তি অনুসৰি এলন মাস্কে টুইটাৰৰ সৈতে বিত্তীয় লেনদেন সম্পূৰ্ণ নকৰিলে ১ বিলিয়ন ডলাৰ ক্ষতিপূৰণ দিব  লাগিব।টুইটাৰে ব্যৱহাৰকাৰীৰ ভিতৰত ৫ শতাংশতকৈও কম স্পাম আৰু বট একাউণ্ট আছে বুলি  দাবী কৰি আহিছে৷

    কিন্তু এই সম্পৰ্কীয় তথ্য প্ৰদানত ব্যৰ্থ হৈছে৷  উল্লেখ্য   টুইটাৰ ক্ৰয় কৰোতে মাস্কৰ ব্যয় হ’লহেঁতেন নগদ ৪,৪৪০ কোটি ডলাৰ।
    ভাৰতীয় মুদ্ৰাত প্ৰায় ৩,৩৬,৯৪১ কোটি ২২লাখ টকাত এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷  

    টুইটাৰৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালে কয়, ‘’টুইটাৰৰ এটা উদ্দেশ্য আৰু প্ৰাসংগিকতা আছে। ই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰে। আমাৰ গোটেই দলটোৰ বাবে মই বৰ গৌৰৱ অনুভৱ কৰিছো।‘’

    উল্লেখ্য যে কিছুদিন পূৰ্বে এলন মাস্কে প্ৰায় ২২হাজাৰ কোটি ডলাৰৰ বিনিময়ত টুইটাৰৰৰ ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। এইবাৰ সম্পূৰ্ণ মালিকীস্বত্বই তেওঁ ল’ব বিচাৰিছিল৷

    এলন মাস্কে জনায় যে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয়ৰ সময়তে তেওঁ ভাৱিছিল যে টুইটাৰ গোটেই বিশ্বতে বাক্ স্বাধীনতাৰ প্ৰধান মাধ্যম হৈ উঠিব। কিন্তু বিনিয়োগৰ পিছত তেওঁ হেনো উপলব্ধি কৰিছে যে বৰ্তমান সময়ত টুইটাৰৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে ব্যক্তিগত মালিকীস্বত্বৰ কোম্পানী হিচাপে ইয়াৰ পৰিৱৰ্তন কৰাই এতিয়া তেওঁৰ লক্ষ্য আছিল।