ডিজিটেল ডেস্কঃ হত্যাৰ আশংকাত ভুগিছে এলন মাস্ক। বিশ্বৰ আটাইতকৈ চহকী লোকগৰাকীয়ে আশংকা প্ৰকাশ কৰিছে যে গোপনে তেওঁৰ বিৰুদ্ধে ঘাতকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সুযোগ পালেই তেওঁলৈ লক্ষ্য কৰি গোলাবৰ্ষণ কৰা হ’ব।
নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মাস্কে। তেওঁ কয়- ''মুকলিকৈয়ে কৈছো। মোৰ স’তে খুব জঘন্য কিবা ঘটাৰ সম্ভাৱনা অত্যন্ত বেছি। মোক গুলি কৰাও হ’ব পাৰে।’’
''বিচাৰলেই কাৰোবাক হত্যা কৰাটো তেনেকুৱা কোনো কঠিন কাম নহয়। সেয়ে মই আশা কৰিছো যে ভাগ্য মোৰ বাবে সহায়ক হ’ব। মই খোলা গাড়ীত আৰু কোনোদিনেই পেৰেড নকৰো।’’- মাস্কে কয়।
উল্লেখ্য যে টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা বিভিন্ন বিতৰ্কত সোমাই পৰিছে এলন মাস্ক। এইসমূহৰ বাবেই এলন মাস্কে এনেদৰে ভাবিবলৈ বাধ্য হৈছে বুলি বহুতে ক’ব বিচাৰে।
শেহতীয়াকৈ টুইটাৰৰ ভৱিষ্যৎ আৰু বাকস্বাধিনতাৰ ওপৰতো মুখ খোলে এলন মাস্কে। কয়- ''যেতিয়ালৈকে আপুনি কাৰোৰে ক্ষতি কৰা নাই, তেতিয়ালৈকে আপোনাৰ মতপ্ৰকাশৰ স্বাধিনতা থকা উচিত। দিনটোৰ শেষত আমি সকলো এনেকুৱা এটা ভৱিষ্যতৰ কামনা কৰো, য’ত আমাক অৱদমন কৰি ৰখা নহ’ব। য’ত আমি স্বাধীনভাৱে কথা ক’ব পাৰো। য’ত মতপ্ৰকাশৰ পাছত কোনো ধৰণৰ সংঘাতৰ আশংকা নাথাকিব।
উল্লেখ্য যে নিজকে মতপ্ৰকাশৰ স্বাধীনতাৰ সকলোতকৈ ডাঙৰ সমৰ্থক হিচাপে দাবী কৰে মাস্কে। ৪৪ বিলিয়ন ডলাৰ খৰচ কৰি টুইটাৰ ক্ৰয়ৰ কাৰণো মতপ্ৰকাশৰ স্বাধনীনতা বুলি কৈছে তেওঁ।
Leave A Comment