• বিশ্বজুৰি গতি লাভ কৰিছে Ex-Muslim Movement-এ! লাখে লাখে মানুহে এৰিছে ইছলাম ধৰ্ম

    আন্তঃৰাষ্ট্ৰীয়
    বিশ্বজুৰি গতি লাভ কৰিছে Ex-Muslim Movement-এ! লাখে লাখে মানুহে এৰিছে ইছলাম ধৰ্ম
    ডিজিটেল ডেস্কঃ প্ৰাক্তন মুছলিম আন্দোলন তথা Ex-Muslim Movement-এ বিশ্বত গতি লাভ কৰিছে। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে দেশৰ বাহিৰেও বহু মুছলমান সংখ্যাগৰিষ্ঠ দেশতো এই ধৰণৰ আন্দোলনে গতি লাভ কৰিছে। এই লোকসকলে বিশ্বাস কৰে যে ইছলামৰ কিছুমান কথা ঠিক নহয় আৰু সেয়েহে সেই ধৰ্ম অনুসৰণ কৰিব নোৱাৰে।

    ইছলাম ত্যাগ কৰা কেৰালাৰ ৪৮ বছৰীয়া নূৰজাহানেও একেধৰণৰ কাৰণ দাঙি ধৰিছে। টাইমছ অৱ ইণ্ডিয়াৰ সৈতে কথা পাতোতে তেওঁ কৈছিল যে হিজাব পিন্ধিবলৈ বাধ্য হোৱা, নাৰীৰ বিৰুদ্ধে বৈষম্য আৰু ধৰ্মৰ নামত ধৰ্মান্ধতা আদি কথাই ইছলামৰ প্ৰতি মোহভংগ কৰি তুলিছিল। তাৰ পিছত তাই নাস্তিকতাৰ দিশে আগবাঢ়িল কাৰণ তাইৰ বাবে সেইটো অধিক যুক্তিসংগত যেন লাগিছিল। 

    নূৰজাহানে কৈছিল, ‘যোৱা কেইবছৰমানৰ পৰা মই ইছলামৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছো। কাৰণ ইয়াৰ কিছুমান কথা মোৰ বাবে অযুক্তিকৰ যেন লাগে। ইয়াত নাৰীক বৈষম্য কৰা হয় আৰু তেওঁলোকক দ্বিতীয় শ্ৰেণী বুলি গণ্য কৰা হয়।’’

    প্ৰাক্তন মুছলমান আন্দোলনে এনে এটা সময়ত গতি লাভ কৰিছে, কোৱা হৈছে যে অহা ১০ বছৰত সমগ্ৰ বিশ্বতে ইছলাম অনুসৰণ কৰা লোকৰ সংখ্যা সৰ্বাধিক হ’ব। পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০৩৫ চনৰ ভিতৰত বিশ্বত সৰ্বাধিক মুছলমান লোক থাকিব। 

    ২০১৭ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত ৩৫ লাখ মুছলমান আছে যদিও ইয়াৰে ১ লাখ লোকে প্ৰতি বছৰে ইছলাম ত্যাগ কৰি আছে। অৱশ্যে প্ৰতি বছৰে ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকৰ সংখ্যাও একেধৰণৰ। পশ্চিম ইউৰোপৰ দেশসমূহতো একেধৰণৰ পৰিস্থিতি দেখা গৈছে।