• খাইছিল কেৱল কেঁচা শাক-পাচলি,ফলমূল! কঠোৰ ডায়েটিং কৰি মৃত্যুমুখত পৰিল যুৱতী

    আন্তঃৰাষ্ট্ৰীয়
    খাইছিল কেৱল কেঁচা শাক-পাচলি,ফলমূল! কঠোৰ ডায়েটিং কৰি মৃত্যুমুখত পৰিল যুৱতী
    ডিজিটেল ডেস্কঃ মানুহে ফিট হৈ থাকিবলৈ আৰু ওজন কমাবলৈ বিভিন্ন খাদ্যাভ্যাস পালন কৰে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যিটো শুনি বহু লোক শংকিত হৈ পৰিছে। কঠোৰ ডায়েটিং কৰি ৩৯ বছৰীয়া এগৰাকী ফুড ইনফ্লুৱেন্সাৰ মৃত্যুমুখত পৰিছে। ৰাছিয়াৰ বিখ্যাত ভেগান ফুড ইনফ্লুৱেন্সাৰ ঝানা ছামছ’নোভাৰ ভোকৰ বাবে মৃত্যু হয়। তেওঁ যোৱা কেইবাবছৰ ধৰি কেঁচা খাদ্য অৰ্থাৎ কেঁচা নিৰামিষ খাদ্য গ্ৰহণ কৰিছিল। 
    Zhanna Samsonova Death: Tragic death of vegan influencer Zhanna Samsonova  sparks concerns over extreme diets - The Economic Times
    তেওঁ খাদ্যত কেৱল অংকুৰিত সূৰ্য্যমুখীৰ গুটি, ফলমূল আৰু কেঁচা শাক-পাচলিহে খাইছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীৰ্ঘদিন কেৱল ফলমূলৰ ওপৰত নিৰ্ভৰ কৰি থকাৰ বাবেই তেওঁৰ মৃত্যু হয়। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
    Vegan raw food influencer Zhanna D'Art dies at 39 - India Today
    ঝানাৰ মাতৃ আৰু বন্ধুৰ মতে, কেৱল নিৰামিষ কেঁচা খাদ্য খোৱাৰ ফলত পুষ্টিহীনতাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁ শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিবলৈ ধৰিলে। খবৰ অনুসৰি ঝানাৰ বন্ধুসকলে তেওঁক কেইমাহমান আগতে শ্ৰীলংকাত লগ পাইছিল। তেওঁলোকে ক’লে যে ঝানাৰ ভৰি দুখন ফুলি গৈছিল আৰু তেওঁ অতি অলস আৰু ভাগৰুৱা হৈ পৰিছিল। 
    Vegan influencer starved to death: friends
    ঝন্নাই নিজকে ফিট কৰি ৰাখিবলৈ বহুদিন এই খাদ্যাভ্যাস মানি চলিছিল। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়াত মানুহক নিৰামিষ খাদ্য খোৱাৰ পৰামৰ্শ দিছিল। ঝানাই বিচাৰিছিল মানুহে তাইৰ খাদ্যাভ্যাস মানি চলক। Raw Vegan Diet ৰ ওপৰত কৰা এক গৱেষণাৰ মতে, ইয়াক কঠোৰভাৱে পালন কৰিলে শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।
    Zhanna Samsonova kimdir, kaç yaşındaydı? Zhanna Samsonova neden öldü,  hastalığı neydi? Açlıktan ölen fenomen instagram hesabı...
    ফিটনেছ বিশেষজ্ঞৰ মতে এই ডায়েট সকলোৰে বাবে নহয়। ইয়াৰ ফলত শৰীৰৰ বহু ক্ষতিও হ’ব পাৰে। দীৰ্ঘদিন ধৰি খালে শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হ’ব পাৰে। যদি আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল হয় তেন্তে ইয়াক খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।








    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online