• বাঁহ নহয়, এইবাৰ গাজৰেৰে তৈয়াৰ কৰা হ’ল বাঁহী! সুৰ সংগত কৰি দেখুৱালে এজন যুৱকে

    আন্তঃৰাষ্ট্ৰীয়
    বাঁহ নহয়, এইবাৰ গাজৰেৰে তৈয়াৰ কৰা হ’ল বাঁহী! সুৰ সংগত কৰি দেখুৱালে এজন যুৱকে
    ডিজিটেল ডেস্কঃ ভাৰতীয় বাঁহী হওক বা বিদেশী বাঁহী - বাঁহ হৈছে বাঁহী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা মূল সামগ্ৰী। অৱশ্যে সংগীতজ্ঞসকলৰ দাবী অনুযায়ী ধাতুৰ বাঁহীও তৈয়াৰ কৰা হয়। কিন্তু হয়তো কাৰো ধাৰণা নাছিল যে গাজৰৰ পৰাও বাঁহী বনাব পাৰি।

    এজন নেটিজেনে গাজৰৰ পৰা বাঁহী বনাই দিলে। তেওঁ এটা ভিডিঅ’ বনাইছে। সেই ভিডিঅ’টো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

    ইথান টাইলাৰ স্মিথ নামৰ এজন নেটিজেনে ছ’চিয়েল মিডিয়াত গাজৰৰ পৰা বাঁহী তৈয়াৰ কৰিছিল। তেওঁ কেৱল বাঁহী বনোৱাই নহয়, বজাইও দেখুৱাইছিল। বাঁহেৰে নিৰ্মিত বাঁহীতকৈ ই কোনো কাৰণতে নীচ নহয়। গাজৰৰ বাঁহীৰ পৰা ঠিক প্ৰকৃত বাঁহীৰ দৰে এটা মিঠা সুৰ ওলাই আহে।

    কেনেদৰে গাজৰ বাঁহীলৈ পৰিণত হ’ল ভিডিঅ’টোত দেখা গৈছে। প্ৰথমে গাজৰটো ধুই  ড্ৰিল মেচিনৰ সহায়ত গাজৰৰ ভিতৰৰ পৰা এক তৃতীয়াংশ খোলা আঁতৰাই পেলোৱা হ’ল। যাতে ফুটা নলীৰ দৰে দেখা যায়। বায়ু প্ৰবাহৰ বাবে বাঁহীৰ ফুটাবোৰৰ দৰেই কটাৰীৰ সহায়ত দুই এটা ফুটা কৰিলে। শেষত নিজে বজাই তেওঁ সৃষ্টি কৰা বাঁহীৰ শব্দ কেনেকুৱা হয় তাক দেখুৱালে।