• ৰাছিয়াৰ বাবে যুঁজি মৃত্যুক সাৱটিলে হায়দৰাবাদৰ যুৱকে; দেশখনত চাকৰি দিয়াৰ নামত কৰা হৈছিল প্ৰবঞ্চনা

    আন্তঃৰাষ্ট্ৰীয়
    ৰাছিয়াৰ বাবে যুঁজি মৃত্যুক সাৱটিলে হায়দৰাবাদৰ যুৱকে;  দেশখনত চাকৰি দিয়াৰ নামত কৰা হৈছিল প্ৰবঞ্চনা
    ডিজিটেল ডেস্কঃ ভাৰতবাসীৰ বাবে দুঃখবৰ৷ চাকৰি জালিয়াতিৰ বলি হৈ ৰাছিয়ান সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য হোৱা হায়দৰাবাদৰ এজন ৩০ বছৰীয়া যুৱক ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত নিহত হোৱাৰ কথা জানিব পৰা গৈছে।

    মহম্মদ আছফান নামৰ যুৱকজনৰ পৰিয়ালে ৰাছিয়াৰ পৰা উভতাই অনাৰ ক্ষেত্ৰত সহায় বিচাৰি এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ ওচৰলৈ হাত আগবঢ়াইছে। অৱশ্যে যেতিয়া AIMIM-এ মস্কোত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰে তেতিয়া বিষয়াসকলে নিশ্চিত কৰে যে আছফানৰ মৃত্যু হৈছে।

    এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মস্কোত থকা ভাৰতীয় দূতাবাসে এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) লৈ গৈ কয় যে আছফানৰ মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰিবলৈ কৰ্তৃপক্ষ তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে।

    এক্সত লিখা হৈছে, "এজন ভাৰতীয় নাগৰিক  মহম্মদ আছফানৰ কৰুণ মৃত্যুৰ বিষয়ে আমি জানিব পাৰিছোঁ। আমি পৰিয়াল আৰু ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছোঁ।কৰ্তৃপক্ষই মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা চলাব।"

    ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ সময়ত ৰাছিয়া সেনাবাহিনীৰ সৈতে ‘সহায়ক’ হিচাপে কাম কৰি থকা গুজৰাটৰ ২৩ বছৰীয়া ভাৰতীয় যুৱকৰ ৰাছিয়াত মৃত্যু হোৱাৰ কেইসপ্তাহমানৰ পাছতে শেহতীয়াকৈ এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে।চুৰাটৰ হামিল মাংগুকিয়া নামৰ লোকজনে অনলাইন বিজ্ঞাপনৰ জৰিয়তে ৰাছিয়াত চাকৰিৰ বাবে আবেদন কৰিছিল আৰু চেন্নাইৰ পৰা মস্কোত উপস্থিত হৈছিল। ইয়াৰ পাছত তেওঁক ৰাছিয়ান সেনাবাহিনীত সহায়ক হিচাপে নিযুক্তি দিয়া হয়।