• পত্নীৰ জন্মদিন পাহৰি যোৱাটো ভয়ংকৰ অপৰাধ এইখন দেশত! জে’ললৈ যায় স্বামী

    আন্তঃৰাষ্ট্ৰীয়
    পত্নীৰ জন্মদিন পাহৰি যোৱাটো ভয়ংকৰ অপৰাধ এইখন দেশত! জে’ললৈ যায় স্বামী
    ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰত্যেকখন দেশৰে আছে নিজস্ব সভ্যতা, সংস্কৃতি, আছে আইন-কানুন। সমাজত প্ৰচলিত হৈ থাকে কিছুমান নীতি-নিয়ম। সকলো দেশেই নিজৰ নিয়ম অনুসৰি আইন কাৰ্যকৰী কৰে, কিন্তু আমোদজনক কথাটো হ’ল বহু দেশৰ এনে কিছুমান আইন থাকে, যিবোৰ অতি আচহুৱা। 

    এনে এক আইন আছে, যি আইনৰ কথা জানিলে আপুনি আচৰিত হ'ব। ইয়াত পত্নীৰ জন্মদিন স্বামীয়ে পাহৰি যোৱাটো অপৰাধ বুলি গণ্য কৰা হয়। এই অপৰাধ কৰিলে স্বামীৰ হ’ব পাৰে জে’ল। এয়া একেবাৰে সঁচা কথা! এই আইন প্ৰযোজ্য হয় এখন ধুনীয়া দ্বীপৰ দেশত, যাৰ নাম চামোয়া(Samoa)। ইয়াত যদি কোনো স্বামীয়ে ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰি যায়, তেন্তে তেওঁৰ শাস্তি হ’ব জে’ল।

    চামোয়াৰ আইনখনৰ কথা ক’বলৈ গ’লে যদি কোনো স্বামীয়ে ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰি যায়, তেন্তে ই অপৰাধৰ শ্ৰেণীত পৰে। যদি পত্নীয়ে এই ভয়ংকৰ ভুলৰ বিষয়ে আৰক্ষীক অভিযোগ কৰে তেন্তে স্বামীয়ে লক-আপলৈ গৈ কিছুমান অতি কঠোৰ প্ৰশ্নৰ উত্তৰ দিব লগীয় হয়। কিন্তু এই আইনখন যিমান ভয়ংকৰ যেন লাগে সিমান ভয়ংকৰ নহয় কাৰণ স্বামীৰ ভুল শুধৰণিৰ বাবে ইয়াত সুযোগো দিয়া হয়।

    পত্নীৰ জন্মদিন প্ৰথমবাৰৰ বাবে পাহৰি গ’লে লগে লগে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক এই ভুল দ্বিতীয়বাৰৰ বাবে নকৰিবলৈ সকীয়াই দিয়ে। যদি কোনো ব্যক্তিয়ে দুৰ্ভাগ্যবশতঃ পুনৰ একে ভুল কৰে তেন্তে তেওঁক শাস্তি হিচাপে জে’ললৈ প্ৰেৰণ কৰা হয়।