• ১৪ বছৰ বয়সতে প্ৰথমে পাতিছিল বিয়া, এতিয়া বয়স ৬১, ৮৮ সংখ্যক বিবাহৰ বাবে সাজু হৈছে ইণ্ডোনেছিয়াৰ বৃদ্ধ

    আন্তঃৰাষ্ট্ৰীয়
    ১৪ বছৰ বয়সতে প্ৰথমে পাতিছিল বিয়া, এতিয়া বয়স ৬১,  ৮৮ সংখ্যক বিবাহৰ বাবে সাজু হৈছে ইণ্ডোনেছিয়াৰ বৃদ্ধ
    ডিজিটেল ডেস্কঃ কাৰোৱাৰ কপালত এগৰাকীও কইনা নিমিলে যদিও ইণ্ডোনেছিয়াৰ এগৰাকী লোকে পিছে ৮৮ নম্বৰৰ বিয়াৰ বাবে সাজু হৈছে।পশ্চিম জাভাৰ মাজালেংকাৰ বাসিন্দা কানে প্ৰথমবাৰ ১৪ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখনত কইনাগৰাকী তেওঁতকৈ দুবছৰ ডাঙৰ আছিল। কানে পিছত বিবাহ বিচ্ছেদো কৰিছিল।

    তেওঁৰ বয়স এতিয়া ৬১ বছৰ। পশ্চিম জাভাৰ মাজালেংকাৰ বাসিন্দা  বৃদ্ধ জনে ৮৮ সংখ্যক  বিবাহ সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। তেওঁৰ মতে তেওঁ কোনো মহিলাকে বিমুখ কৰিব নোৱাৰে। সেইবাবেই পাতি গৈছে ইখনৰ পিছত সিখনকৈ বিয়া।

    বাৰে বাৰে বিয়া কৰাৰ বাবে ইণ্ডোনেছিয়াত 'প্লেবয় কিং' হিচাপে কানৰ খ্যাতি আছে। এইবাৰ তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ৬১ বছৰীয়া কান পেছাত এজন কৃষক। 
    এইবাৰ কানে বিয়া কৰিবলৈ ওলোৱা কইনাগৰাকী হৈছে কানৰ ৮৬ সংখ্যক  পত্নী।

    কানে পূৰ্বৰ বিয়া বোৰ বিচ্ছেদত পৰিণত হোৱাকলৈ কৈছে "সেই সময়ত মোৰ আচৰণ বৰ বেয়া আছিল। মোৰ বেয়া আচৰণৰ বাবে মোৰ পত্নীসকলে  বিবাহ বিচ্ছেদ বিচাৰিছিল"। অৱশ্যে তেওঁ বেয়া আচৰণৰ অৰ্থ কি বুলি উল্লেখ কৰা নাই।

    কাহনে কৈছিল যে তেওঁৰ প্ৰথম বিবাহ ভাঙি যোৱাৰ পিছত তেওঁ খং উঠিছিল। তেওঁ আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ প্ৰতি আগ্ৰহী। তেওঁ সিদ্ধান্ত লৈছিল যে এইবাৰ বহুতো মহিলা তেওঁৰ প্ৰেমত পৰিব। "সেয়া যিয়েই নহওঁক, মই মহিলাসকলৰ প্ৰতি অসন্মানজনক একো নকৰো। মই আনকি কাৰো মনৰ সৈতে নাখেলোঁ। যোৱা ৮৭ খন বিবাহত কানৰ কিমানটা সন্তান আছে সেয়া জনা নাযায়।