• ইৰানৰ চবহাৰ, ৰস্ক চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; প্ৰাণ হেৰুৱালে ১৬গৰাকী সাধাৰণ লোকে

    আন্তঃৰাষ্ট্ৰীয়
    ইৰানৰ চবহাৰ, ৰস্ক চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; প্ৰাণ হেৰুৱালে ১৬গৰাকী সাধাৰণ লোকে
    ডিজিটেল ডেস্ক: ছিয়া ৰাষ্ট্র ইৰানত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছে ভয়ংকৰ কূটাঘাত। বুধবাৰে ইৰানৰ দুখনকৈ চহৰত সংঘটিত কূটাঘাতৰ ঘটনাৰ পলমকৈ পোহৰলৈ আহিছে সবিশেষ। 

    বুধবাৰে নিশা ইৰানৰ চাবহাৰ আৰু ৰস্ক নামৰ চহৰ দুখনত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল ভয়ংকৰ আক্ৰমণ। য’ত, ১১ গৰাকী নিৰাপত্তাৰক্ষীৰ লগতে প্ৰাণ হেৰুৱাইছিল ১৬ গৰাকী সাধাৰণ নাগৰিকে। ২৭জনকৈ লোকে প্ৰাণ হেৰুওৱা এই আক্ৰমণত সন্ত্ৰাসবাদীৰ দলটোৱে নিজৰ দখললৈ নিব বিচাৰিছিল ইৰানৰ সীমান্তৰক্ষীবাহিনীৰ মুখ্য কাৰ্যালয়। এই ঘটনাত আহত হৈছে ১০ জন নিৰাপত্তাৰক্ষী। 

    প্ৰকাশ পোৱা খবৰ অনুসৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে জঈছ–অল–অদল নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে। আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী দলটোৰ ১৫টা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ দাবী কৰিছে ইৰানে। পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তৰে সংলগ্ন ইৰানৰ সীমাত দীৰ্ঘদিনে সংঘটিত হৈ আহিছে সন্ত্ৰাসবাদীৰ কূটাঘাত। এইক্ষেত্ৰত পাকিস্তানত ঘাটি থকা জঈছ–অল–অদল নামৰ ছুন্নী সন্ত্ৰাসবাদী সংগঠনটোৱে বহুবাৰ আক্ৰমণ সংঘটিত কৰি আহিছে ইৰানত। যাৰ বাবে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত পাকিস্তানৰ বেলুচিস্তানত থকা জঈছ–অল–অদলৰ ঘাটিত এয়াৰষ্ট্রাইক কৰিছিল ইৰানৰ বায়ুসেনাই। যাৰ ফলত চূড়ান্তভাৱে বিঘ্নিত হৈছিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক।  

    দৰাচলতে ইৰান হৈছে এক ছিয়া সম্প্ৰদায় বহুল ৰাষ্ট্র। যাৰ বাবে পাকিস্তানত থকা ছুন্নী সন্ত্ৰাসবাদী সংগঠনসমূহে প্ৰায়েই কূটাঘাত সংঘটিত কৰি আহিছে ইৰানত। শেহতীয়াকৈ এনেদৰে ইৰানৰ দুখনকৈ চহৰত আক্ৰমণ চলাই ২৭জন লোকৰ প্ৰাণ কাঢ়িলে সন্ত্ৰাস সংগঠনটোৱে।