• আটাইতকৈ দীঘলীয়া বিচ্ছিন্নতা: প্ৰায় ডেৰ ঘণ্টাৰ পাছত পুনৰ স্থাপন কৰা হ'ল হোৱাটছএপ সেৱা

    আন্তঃৰাষ্ট্ৰীয়
    আটাইতকৈ দীঘলীয়া বিচ্ছিন্নতা: প্ৰায় ডেৰ ঘণ্টাৰ পাছত পুনৰ স্থাপন কৰা হ'ল হোৱাটছএপ সেৱা
    ডিজিটেল ডেস্ক: বিশ্বব্যাপী WhatsApp চাৰ্ভাৰ ডাউন হোৱাৰ পাছত ইয়াক ঠিক কৰা হৈছে। প্ৰায় ১.৫ ঘণ্টা ধৰি চাৰ্ভাৰ ডাউন হৈ আছিল। মানুহে WhatsApp ব্যৱহাৰ কৰিব পৰা নাছিল। কিন্তু এতিয়া সকলো ঠিকেই আছে। হোৱাটছএপৰ জৰিয়তে বাৰ্তা অহা যোৱা আৰম্ভ হৈছে। উল্লেখযোগ্য যে ভাৰতত হোৱাটছএপৰ ব্যৱহাৰকাৰী ৪৮ কোটিৰো অধিক। হোৱাটছএপৰ চাৰ্ভাৰ ডাউন হোৱাৰ বাবে এই ব্যৱহাৰকাৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। WhatsApp চাৰ্ভাৰ ডাউন হোৱাৰ সময়ত মেটাই কৈছিল যে, 'আমি এই সমস্যাৰ বিষয়ে সচেতন। আমি ইয়াক ঠিক কৰাৰ বাবে কাম কৰি আছো।'

    WhatsApp হৈছে এনে এটা মেছেজিং আৰু ভিডিঅ' কলিং এপ যাক ভাৰতত বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰি তথ্য ভাগ-বতৰা কৰে। বৃহৎ সংখ্যক কৰ্মচাৰীয়েও হোৱাটছএপৰ জৰিয়তে নিজৰ অফিচৰ কাম কৰে আৰু বিভিন্ন ধৰণৰ ডাটা শ্বেয়াৰ কৰে। হোৱাটছএপত চাৰ্ভাৰ ডাউন হোৱাৰ বাবে এইসকল লোকৰ সমস্যা হৈছিল।

    ইফালে WhatsApp ৰ চাৰ্ভাৰ ডাউন হোৱাৰ পিছত Meta য়ে জনাইছিল যে আমি জানো যে বৰ্তমান একাংশ লোকে মেছেজ পঠোৱাত সমস্যাৰ সন্মুখীন হৈছে আৰু আমি সকলোৰে বাবে WhatsApp অতি সোনকালে পুনৰুদ্ধাৰ কৰাৰ বাবে কাম কৰি আছো।

    বিশেষজ্ঞসকলৰ মতে, চাৰ্ভাৰত থকা লোডটোও ইয়াৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে। অৱশ্যে WhatsApp কিয় ডাউন হৈছিল সেই সন্দৰ্ভত মেটাৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

    হিট-মেপৰ ভিত্তিত দাবী কৰা হৈছিল যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত মুম্বাই, দিল্লী, কলকাতা, কানপুৰ, হায়দৰাবাদ, বেংগালুৰু আদি প্ৰধান চহৰসমূহো অন্তৰ্ভুক্ত। কিন্তু বিশ্বৰ বেছিভাগ ঠাইতে ইউজাৰে হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

    মন কৰিবলগীয়া যে এইয়া প্ৰথমবাৰৰ বাবে হোৱাটছএপৰ চাৰ্ভাৰ ডাউন হোৱা নাই। ইয়াৰ আগতেও এনেকুৱা হৈছে। বিগত সময়ত ফেচবুকৰ চাৰ্ভাৰত ব্যৰ্থ হোৱাৰ পিছত হোৱাটছএপ ডাউন হৈ আছিল।