• অৱশেষত বিবাহপাশত আবদ্ধ হ’ল সমকামী মিছ আৰ্জেণ্টিনা আৰু মিছ পুয়েৰ্টো ৰিকোই

    আন্তঃৰাষ্ট্ৰীয়
    অৱশেষত বিবাহপাশত আবদ্ধ হ’ল  সমকামী মিছ আৰ্জেণ্টিনা আৰু মিছ পুয়েৰ্টো ৰিকোই
    ডিজিটেল ডেস্কঃ  সমকামিতাক বিশ্বৰ বহু দেশেই স্বীকৃতি দিছে। এনে সময়তে দুগৰাকী সমকামী বিশ্ব সুন্দৰীয়ে অৱশেষত বিয়াত বহাৰ সিদ্ধান্ত ল’লে। মিছ আৰ্জেণ্টিনা আৰু মিছ পুয়েৰ্টো ৰিকো। দুয়োৱে প্ৰথমবাৰৰ বাবে এক সৌন্দৰ্য প্ৰতিযোগিতাত লগ পাইছিল । এটা সময়ত দুয়োগৰাকী যুৱতীয়েই প্ৰেমত পৰিছিল। 

    অৱশ্যে তেওঁলোক দুয়োজনে সম্পৰ্কগৰাকীয়েই  তেওঁলোকৰ নিজ নিজ দেশৰ শ্ৰেষ্ঠ সুন্দৰীৰ  খিতাপ লাভ কৰিছিল। মাৰিয়ানা ভাৰেলাই ২০২০ চনত মিছ আৰ্জেণ্টিনা খিতাপ জিকিছিল। ফাবিওলা ভেলেণ্টিন সেই বছৰেই মিছ পুয়েৰ্টো ৰিকো হৈছিল। তেওঁলোকে ৩১ অক্টোবৰ, সোমবাৰে তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰিছিল। 


    নেটত প্ৰকাশ কৰা  তেওঁলোকৰ পোষ্ট অনুসৰি ২৮ অক্টোবৰত তেওঁলোকৰ মাজত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল।  মাৰিয়ানা আৰু ফাবিওলাই অৱশেষত যাৱতীয় ৰীতি-নীতিৰে   বিবাহপাশত আবদ্ধ হয়।দম্পতীহালে এতিয়া  নতুন যাত্ৰা আৰম্ভ কৰিছে। এনেদৰে দুগৰাকী সুন্দৰীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ কথাই সমগ্ৰ বিশ্বতে বেছ চৰ্চা লাভ কৰিছে।