• এটা আমৰ দাম ১৯ হাজাৰ টকা! জাপানত বিশেষভাৱে উৎপাদিত এই আমবিধৰ বিষয়ে জানক,

    আন্তঃৰাষ্ট্ৰীয়
    এটা আমৰ দাম ১৯ হাজাৰ টকা! জাপানত বিশেষভাৱে উৎপাদিত এই আমবিধৰ বিষয়ে জানক,
    ডিজিটেল ডেস্কঃ ফলৰ ৰজা আম৷ গ্ৰীষ্মকাল মানেই আমৰ সোৱাদ! আমেৰে ভৰি পৰে ফলৰ বজাৰ৷ দশেৰী, লংৰা, হিমসাগৰ, আলফনছ, চৌছা আদি বিভিন্ন ধৰণৰ আমে ফলৰ বিপনীসমূহ শুৱনি কৰে।

    কিন্তু পৃথিৱীৰ আটাইতকৈ দামী আম বুলি কোন প্ৰজাতিৰ আমক গণ্য কৰা হয়? এই আমবিধৰ নাম “মিয়াজাকি”। এই আমৰ দাম ১৯ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে।

    এই আমবিধ জাপানত উৎপাদিত হয়। আমবিধৰ এক ইতিহাসো আছে৷ শীতপ্ৰধান জাপানত এই গ্ৰীষ্মকালীন আম খেতি কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু নাকাগাৱা নামৰ এজন বিশ্ববিখ্যাত আম খেতিয়কে প্ৰাকৃতিকভাৱে “সেউজগৃহ” সৃষ্টি কৰি এই আমৰ খেতি কৰিছে।

    কেৱল সেয়াই নহয়, ২০১১ চনৰ পৰা উত্তৰ জাপানৰ বৰফেৰে আবৃত টোকাচি অঞ্চলৰ এটা সেউজগৃহত তেওঁ আম খেতি কৰি আহিছে। সেউজগৃহৰ বাহিৰৰ উষ্ণতা মাইনাছ ৮ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হ’লেও ভিতৰৰ উষ্ণতা গড়ে ৩৬ ডিগ্ৰী চেলছিয়াছ। নাকাগাৱাই কয় যে তেওঁৰ মিয়াজাকি আমৰ সোৱাদ আন যিকোনো আমতকৈ বহুগুণ বেছি।

    জাপানীসকলে মিয়াজাকি আমক ‘সূৰ্য কিৰণৰ কণী’ বা “ছান শ্বাইন এগ” বুলি কয়। নাকাগাৱাৰ ফলৰ বাগিচাৰ এটা মিয়াজাকি আমৰ দাম ২৩০ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ১৯ হাজাৰ টকা। বৰ্তমান তেওঁৰ সেউজগৃহত প্ৰায় ৫ হাজাৰ আম উৎপাদন হয়।