• বেলুচিস্তানত বিস্ফোৰণত ৪ নিহত, ২০ আহত

    আন্তঃৰাষ্ট্ৰীয়
    বেলুচিস্তানত বিস্ফোৰণত ৪ নিহত, ২০ আহত
    ডিজিটেল ডেস্কঃ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জাববৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত দেওবাৰে সংঘটিত এটা বিস্ফোৰণত ৪জন লোক নিহত হোৱাৰ লগতে আন কুৰিজন লোক আহত হয়। 

    বিস্ফোৰণৰ ফলত এটা ভৱন ক্ষতিগ্রস্ত হয় আৰু কেউদিশে আতংক বিয়পি পৰে। এই বিস্ফোৰণত কেইবাখনো দোকান ভাগি পৰাৰ লগতে অগ্নিকাণ্ডও সংঘটিত হয়। 

    বিস্ফোৰণৰ পাছতেই অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত কিছু সময়ৰ বাবে গুলীয়াগুলীও সংঘটিত হয়। 

    পাছত আইন বলবৎ কর্তৃপক্ষই অঞ্চলটো ছীল কৰি দি ব্যাপক তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
    উৎসঃ দৈনিক জনমভূমি