• সমকামী সংগীৰ স’তে বিয়া পাতিলে অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী সমকামী মহিলা সাংসদ পেনি ৱঙে

    আন্তঃৰাষ্ট্ৰীয়
    সমকামী সংগীৰ স’তে বিয়া পাতিলে অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী সমকামী মহিলা সাংসদ পেনি ৱঙে
    ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী সমকামী মহিলা সাংসদ তথা দেশখনৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙে নিজৰ সংগী ছফী আল’চেক বিয়া কৰালে৷ দেওবাৰে ৱঙে নিজে জনায় এই কথা৷

    ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ৱঙে বিয়াৰ সাজ-পোছাক পিন্ধি ফুলৰ থোপা হাতত লৈ থকা ফটো এখন শ্বেয়াৰ কৰে৷ লিখে- ‘‘আমি আনন্দিত যে আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলে আমাৰ সৈতে এই বিশেষ দিনটোত অংশ ল’লে৷’’

    দ্য ছিডনী মৰ্নিং হেৰাল্ডৰ বাতৰি অনুসৰি, প্ৰায় দুটা দশক ধৰি একেলগে থকা ৱং আৰু আলৌচে শনিবাৰে দক্ষিণ অষ্ট্ৰেলিয়াৰ ৰাজধানী এডিলেইডৰ এখন ৱাইনাৰিত বিবাহপাশত আবদ্ধ হয়। ছিনেটত দক্ষিণ অষ্ট্ৰেলিয়া ৰাজ্যক প্ৰতিনিধিত্ব কৰে ৱঙে। ২০০২ চনৰ পৰা লেবাৰৰ চিনেটৰ ৱং হৈছে এছিয়াত জন্মগ্ৰহণ কৰা প্ৰথমজন ব্যক্তি যিয়ে অষ্ট্ৰেলিয়াৰ কেবিনেটৰ পদত অধিষ্ঠিত। 

    অষ্ট্ৰেলিয়াত ২০১৭ চনত সমলিংগ বিবাহ বৈধ হৈ পৰে, যিটো দেশৰ বাবে জলভাগ, য’ত ১৯৯৭ চনলৈকে সকলো ৰাজ্যতে সমকামিতাক অপৰাধমুক্ত কৰা হোৱা নাছিল।