• পেণ্টাগনে প্ৰকাশ কৰিলে ইউএফঅ’ৰ ওপৰত বিস্ফোৰক তথ্য! সঁচাকৈয়ে আমেৰিকাত নামিছিল নেকি এলিয়েন?

    আন্তঃৰাষ্ট্ৰীয়
    পেণ্টাগনে প্ৰকাশ কৰিলে ইউএফঅ’ৰ ওপৰত বিস্ফোৰক তথ্য! সঁচাকৈয়ে আমেৰিকাত নামিছিল নেকি এলিয়েন?
    ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় পেন্টাগনে এক প্ৰতিবেদনত এক বৃহৎ তথ্য প্ৰকাশ কৰিছে। পেন্টাগনে প্ৰকাশ কৰা অনুসৰি ১৯৫০ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত আমেৰিকাৰ আকাশত সময়ে সময়ে দেখা পোৱা অচিনাক্ত উৰণীয়া বস্তু (UFO)ৰ এলিয়েনৰ সৈতে কোনো সম্পৰ্ক নাছিল। এইবোৰ বিদেশী মহাকাশযানো নাছিল। বৰঞ্চ আমেৰিকাৰ নিজৰ চোৰাংচোৱা বিমান আছিল।

    পেন্টাগনৰ অল ডমেইন এনোমেলি ৰিজ’লিউচন অফিচে (ADARO) প্ৰকাশ কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে এতিয়ালৈকে এনে কোনো প্ৰমাণ পোৱা হোৱা নাই যিয়ে স্পষ্ট কৰিব যে আমাৰ বহিঃগ্ৰহী লোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ হৈছে। শুকুৰবাৰে কংগ্ৰেছত দাখিল কৰা প্ৰতিবেদন অনুসৰি ইউ এফ অ’ দেখা পোৱাৰ অধিকাংশই আছিল সাধাৰণ পৃথিৱীৰ বস্তু। অৱশ্যে পেন্টাগনেও স্পষ্ট কৰি দিছে যে এলিয়েনৰ ওপৰত কৰা গৱেষণা অব্যাহত থাকিব।

    বিষয়াসকলে কয় যে এই প্ৰতিবেদনসমূহ আমেৰিকা চৰকাৰে ইউ এফ অ’ৰ তদন্ত আৰু ইয়াৰ সৈতে জড়িত প্ৰকাশৰ সৈতে জড়িত। এই প্ৰতিবেদন পেন্টাগনৰ অল-ডমেইন এনোমেলি ৰিজ’লিউচন অফিচে (AARO) ৰাজহুৱা কৰিছে। এলিয়েন সম্পৰ্কে মানুহে কি ভাবে সেই বিষয়েও জানিবলৈ এক সমীক্ষাও কৰা হৈছিল। ২০২১ চনৰ গ্যালাপৰ সমীক্ষা অনুসৰি ৪০ শতাংশতকৈ অধিক আমেৰিকান লোকে বিদেশী মহাকাশযানে পৃথিৱী ভ্ৰমণ কৰিছে বুলি ভাবে।

    পেন্টাগনৰ এগৰাকী মুখপাত্ৰই কয় যে এলিয়েনৰ ওপৰত ভিত্তি কৰি বিভিন্ন টিভি শ্ব’, কিতাপ, চিনেমা আৰু ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াত উপলব্ধ বৃহৎ পৰিমাণৰ কন্টেন্টে মানুহৰ মনত এলিয়েন বাস্তৱ বুলি গঢ় লৈ উঠিছে, কিন্তু তেওঁলোকে এই বিষয়ে অৱগত নহয়।কোনো প্ৰমাণ নাই আকাশত এলিয়েনৰ দৰে কিবা এটা আছে বুলি পোৱা গৈছে।