• ৰক্তাক্ত হৈ পৰিল পাকিস্তানৰ ৰাজনীতি! ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত গুলিয়াই হত্যা এজন লোকক

    আন্তঃৰাষ্ট্ৰীয়
    ৰক্তাক্ত হৈ পৰিল পাকিস্তানৰ ৰাজনীতি! ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত গুলিয়াই হত্যা এজন লোকক

    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">ডিজিটেল
    ডেস্কঃ ৰক্তাক্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি। দেশখনৰ প্ৰাক্তন
    প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত এগৰাকী লোকক গুলিয়াই হত্যা কৰা
    হৈছে। আন এজন সন্দেহযুক্ত লোককো আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা
    গৈছে।



    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">উল্লেখ্য
    যে পাকিস্তানৰ গুজৰানৱালাৰ আল্লাহৱালা চ’কত ইমৰাণ খানৰ এটা ৰেলীত ভয়াৱহ গুলীবৰ্ষণৰ
    সন্মুখিন হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। আততায়ীয়ে ইমৰাণ খানলৈ
    উদ্দেশ্যি একে-৪৭ৰে গুলিবৰ্ষণ কৰে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভৰিত গুলি লাগে।
    তাৰপাছতে ভৰিত বেণ্ডেজ পিন্ধাই ততাতৈয়াকৈ তেওঁক হস্পিতাললৈ লৈ যোৱা হয়।



    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">উল্লেখ্য
    যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰৰ পদত্যাগৰ দাবীত ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান
    তেহৰীক-ই-ইনচাফে শেহতীয়াকৈ ‘লং মাৰ্চ’ অৰ্থাৎ পদযাত্ৰা কৰি আছে। লং মাৰ্চৰ এক অংশ
    হিচাপেই গুজৰানৱালাত এটা প্ৰতিবাদী ৰেলী উলিওৱা হয়। তাত ইমৰাণ খানে ভাষণ দি
    থাকোতেই আক্ৰমণকাৰীয়ে গোলাবৰ্ষণ কৰে।



    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">আনহাতে,
    আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইমৰাণ খানৰ ভৰিত গুলি লাগিলেও গুৰুত্বৰ আঘাটৰ
    পৰা বাচি যোৱা বুলি জানিব পৰা গৈছে। ইমৰাণ খানৰ ওপৰিও চাৰিজনকৈ দলীয় কৰ্মীয়ে আঘাট
    পাইছে।



    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">ইমৰাণ
    খানৰ দলীয় নেতা শ্বেহবাজ গীলে ঘটনাটোৰ সংক্ৰান্তত কৈছে যে প্ৰাক্তন
    প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ মুখামুখি হ’লেও শেষ নিশ্বাসলৈকে শ্বেহবাজ শ্বৰীফ
    চৰকাৰৰ বিৰুদ্ধে যুঁজি যাব।



    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">ইমাৰণ
    খানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আততায়ীকেইজনৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা হোৱা নাই
    "Times New Roman";mso-hansi-font-family:"Times New Roman";color:#2E2E2E;
    mso-bidi-language:AS">।
    mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">ঘটনাটোৰ
    সংক্ৰান্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে প্ৰতিক্ৰিয়া ব্যক্ত কৰি
    টুইট কৰিছে। টুইটটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ ঘটনাটোক গৰিহণা জনাইছে।
    "Times New Roman";mso-hansi-font-family:"Times New Roman";color:#909090;
    mso-bidi-language:AS">