ডিজিটেল ডেস্কঃ ভাৰতত বিবাহক উৎসৱৰ দৰে পালন কৰা হয়। কইনা সাজিকাচি দৰাৰ বাবে ৰৈ থাকে আৰু দৰা কইনাৰ ঘৰলৈ আহি বিবাহৰ ৰীতি-নীতি কৰি বৰমালা পিন্ধায় চিৰজীৱনৰ বাবে দুয়ো এক হয়। ইয়াৰ পিছত দৰায়ে আনন্দৰে কইনাক নিজৰ ঘৰলৈ লৈ যায়, আনহাতে কইনাই কান্দি কান্দি সকলোৰে পৰা বিদায় লৈ দৰাৰ ঘৰলৈ যায়।
এখন দেশ আছে য'ত বিয়াৰ সময়ত আত্মীয়-স্বজন, বন্ধু-বান্ধৱীয়ে মিলি দৰা-কইনাৰ গালৈ বোকা মাৰে. গেলা শাক-পাচলি, বিলাহী, কণী দলিয়ায় আৰু ছাঁই সানি দিয়ে। এনে আচৰিত প্ৰথা ক'ত আছে বাৰু?
ইউৰোপীয় দেশ স্কটলেণ্ডতত আছে এই পৰম্পৰা। স্কটলেণ্ডৰ মানুহে বিবাহক বহুত গুৰুত্ব দিয়ে। দুটা পৰিয়ালক একত্ৰিত কৰাৰ, দুটা ফৈদৰ মাজত অধিক আত্মীয়তা গঢ়ি তোলা আৰু মিত্ৰতা শক্তিশালী আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ উন্নত কৰাৰ এক উৎকৃষ্ট উপায় বুলি বিবাহক গণ্য কৰা হয়।
কিন্তু বিবাহৰ সময়ত এক অনন্য অনুষ্ঠান পালন কৰিবলগীয়া হৈছিল আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য আজিও যথেষ্ট ৰহস্যময়। এই নিয়মক "blackening the bride" বুলি কোৱা হয়।
নৱ বিবাহিত দম্পতীক মাছৰ চাটনি, আলকাতৰা, চৰাইৰ পাখি, নষ্ট গাখীৰ, পচি যোৱা কণী, আটা, বোকা বা তেনেধৰণৰ কোনো ধৰণৰ বেয়া বস্তুৰে লেপি দিয়া হয়। ইয়াৰ পিছত তেওঁলোকক পেৰেড কৰোৱা হয়। দুয়ো এনেদৰে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰে।
সঁচাকৈয়ে এই অদ্ভুত আচাৰ-ব্যৱহাৰৰ সঠিক উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই যদিও এই প্ৰথা খ্ৰীষ্টৰ পূৰ্বৰ যুগৰ পৰাই আৰম্ভ হৈছে। উত্তৰ আয়াৰলেণ্ডতো একেধৰণৰ প্ৰথা আছে। তেওঁলোকে এই পৰম্পৰা হাঁঁহি হাঁহি মানি আহিছে। ইয়াৰ অৰ্থ কি তেওঁলোকে বিচাৰিবৰ চেষ্টাও নকৰে। মাঁথো পিতৃপুৰুষৰ পৰা চলি অহা পৰম্পৰা হিচাপে ইয়াক মানিবলৈ চেষ্টা কৰে।
Leave A Comment