• কেনে আছে ৰুশ্বদী? দৃষ্টিশক্তি নষ্ট হৈ পৰিছে নেকি প্ৰখ্যাত লেখকগৰাকীৰ? জনালে তেওঁৰ প্ৰতিনিধিয়ে

    আন্তঃৰাষ্ট্ৰীয়
    কেনে আছে ৰুশ্বদী? দৃষ্টিশক্তি নষ্ট হৈ পৰিছে নেকি প্ৰখ্যাত লেখকগৰাকীৰ? জনালে তেওঁৰ প্ৰতিনিধিয়ে

    ডিজিটেল
    ডেস্কঃ কেনে আছে চলমান ৰুশ্বদি? আঢ়ৈ মাহ পূৰ্বে নিউয়ৰ্কৰ এটা অনুষ্ঠানত আততায়ীৰ আক্ৰমণত
    তীব্ৰ আঘাট লাভ কৰা বিশ্বপ্ৰসিদ্ধ লেখকজনৰ শেহতীয়া অৱস্থাৰ বিষয়ে জানিব পৰা গৈছে।

    লেখকগৰাকীৰ
    প্ৰতিনিধি আণ্ড্ৰু ৱাইলিয়ে জনোৱামতে, এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে
    ৰুশ্বদীয়ে। উল্লেখ্য যে আততায়ীগৰাকীয়ে ৰুশ্বদীৰ চকুৰ ওপৰত চুৰিকাঘাত কৰিছিল।

    তাৰপাছতে
    হস্পিতালত আশংকাজনক অৱস্থাত আছিল ৰুশ্বদী। লেখকগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে
    তেওঁৰ গুণমুগ্ধসকল।

    চকুৰ উপৰিও
    লেখকগৰাকীৰ এখন হাতো অকামিলা হৈ পৰিছে বুলি এজেণ্টগৰাকীয়ে জনায়। এখন স্পেনিছ আলোচনীত
    দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে ৰুশ্বদী নিউয়ৰ্কৰ অনুষ্ঠানটোত ভয়াৱহ তথা গভীৰ আঘাট
    লাভ কৰিছিল।

    “তেওঁৰ
    শৰীৰৰত তিনিটা গভীৰ আঘাত আছিল, বুকু আৰু শৰীৰৰ উপৰৰ ভাগত ১৫ টাকৈ গুৰুত্বৰ আঘাত লাগে।”-
    প্ৰতিনিধিগৰাকীয়ে কয়- “তেওঁৰ দুয়োখন হাতৰ স্নায়ুসমূহ নষ্ট হৈ গৈছিল। ফলত তেওঁৰ এখন
    হাত অকামিলা হৈ পৰে।”

    অৱশ্যে
    ৰুশ্বদীক বৰ্তমান ক’ত ৰখা হৈছে সেই বিষয়েও প্ৰতিনিধিগৰাকীয়ে কোনো ভাষ্য আগবঢ়োৱা নাই।
    ৰুশ্বদীৰ কোনটো চকু নষ্ট হৈছে বা কোনখন হাত অকামিলা হৈছে সেই বিষয়েও কোনো তথ্য আগবঢ়োৱা
    নাই তেওঁ।

    “এইটোৱেই
    ডাঙৰ কথা যে তেওঁৰ প্ৰাণ বাচিছে আৰু শেষত মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই অনাটো সম্ভৱ
    হৈছে।”- প্ৰতিনিধিগৰাকীয়ে কয়।