• টিকটক ভিডিঅ' কৰিবলৈ গৈ ডিঙিত দোপাট্টাৰ ফাঁচ লাগি কিশোৰীৰ কৰুণ মৃত্যু

    আন্তঃৰাষ্ট্ৰীয়
    টিকটক ভিডিঅ' কৰিবলৈ গৈ ডিঙিত দোপাট্টাৰ ফাঁচ লাগি কিশোৰীৰ কৰুণ মৃত্যু
    ডিজিটেল ডেস্কঃবিশ্বৰ বহু দেশত জনপ্ৰিয় হৈছে টিকটক৷টিকটকত নানান ৰুচিৰ ভিডিঅ’ আপলোড কৰি বহুতে বেছ জনপ্ৰিয়তাও অৰ্জন কৰিছে৷ তেনে জনপ্ৰিয়তাৰ দৌৰত চামিল হ’বলৈ গৈয়েই শোকাৱহ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে৷ 

    টিকটকত ফাঁচী লগাই  আত্মহত্যাৰ চেষ্টাৰ কৰাৰ  এটা ভিডিঅ' বনাবলৈ গৈ  সঁচাসঁচিকৈ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে৷ এই শোকাৱহ ঘটনাটো ঘটিছে  বাংলাদেশৰ নোৱাখালিৰ চটখিল জিলাত৷
    সঞ্জীদা আখতাৰ বাংলাদেশৰ নোয়াখালিৰ চাটখিল জিলাৰ বাসিন্দা। 

    ১১ বছৰীয়া কিশোৰীগৰাকীয়ে শিৱপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়ি আছিল। তেওঁ প্ৰতিদিনে টিকটক ভিডিঅ' বনোৱাত আসক্ত। বৃহস্পতিবাৰে আবেলি, স্কুলীয়া ছাত্ৰীগৰাকীয়ে টিকটকত ডিঙিত ফাঁচ লগাই আত্মহত্যাৰ চেষ্টা চলোৱাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আছিল। তেওঁ আলমাৰীৰ ওপৰত থিয় হৈ চিলিঙৰ পৰা ডিঙিত ফাঁচ লগাই এটা ভিডিঅ' তৈয়াৰ কৰিব বিচাৰিছিল।

     সেয়াই কিশোৰীগৰাকীৰ বাবে কাল হ’ল৷হঠাতে, সেই সময়ত, ভৰি পিছলি কিশোৰীগৰাকী সঁচাকৈয়ে ওপৰৰ পৰা পৰি ওলমি ৰ’ল৷ বহু চেষ্টা কৰিও কিশোৰীগৰাকীয়ে নিজকে ৰক্ষা কৰিব নোৱাৰিলে৷ বহু সময় ধৰি তেনে দৰেই ওলমি ৰ’ল কিশোৰীগৰাকীৰ নিথৰ দেহ৷

    পৰিয়ালৰ কোনেও প্ৰথমতে ঘটনাটো লক্ষ্য কৰা নাছিল। আবেলি  সঞ্জীদাৰ পৰিয়ালৰ সদস্যসকল ঘৰলৈ উভতি আহিছিল  আৰু কিশোৰীগৰাকীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।  

    পৰিয়ালৰ লোকে কিশোৰীগৰাকীক  ঘৰৰ কাষৰে  স্বাস্থ্য কেন্দ্ৰলৈ  লৈ যায় যদিও  তেতিয়ালৈকে সকলো শেষ হৈ গৈছে। চিকিৎসকে কিশোৰীগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে৷ কিশোৰীগৰাকীৰ কেনে পৰিস্থিতিত মৃত্যু হ’ল সেয়া তেওঁৰ মোবাইল ফোনত ৰেকৰ্ডিং হৈ আছিল৷ 

    সেই ভিডিঅ’ চায়েই পৰিয়ালৰ লোক নিশ্চিত হৈছে যে সঞ্জীদাৰ বাবে টিকটকেই কাল হ’ল৷