• ফটো সাংবাদিকৰ ৰূপত সভাত প্ৰৱেশ কৰিছিল শ্বিনজ’ আবেৰ হত্যাকাৰীয়ে, ব্যৱহাৰ কৰিছিল কেমেৰা সদৃশ পিষ্টল

    আন্তঃৰাষ্ট্ৰীয়
    ফটো সাংবাদিকৰ ৰূপত সভাত প্ৰৱেশ কৰিছিল শ্বিনজ’ আবেৰ হত্যাকাৰীয়ে, ব্যৱহাৰ কৰিছিল কেমেৰা সদৃশ পিষ্টল
    ডিজিটেল ডেস্কঃজাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক ইমান নিৰাপত্তাৰ মাজতো কিদৰে হত্যা কৰিব পাৰিলে হত্যাকাৰীয়ে? এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে সকলোকে। দৰাচলতে নিৰাপত্তা বাহিনীৰ চকুত ধূলি দিবলৈ আবেৰ হত্যাকাৰীয়ে সাংবাদিকৰ বেশত সভা খনলৈ গৈছিল। তেওঁৰ হাতত আছিল কেমেৰা সদৃশ এটা পিষ্টল । 

    আক্ৰমণকাৰী  টেটচুয়া য়ামাগামি নামৰ হত্যাকাৰীজনে  সাংবাদিক হিচাপে পৰিচয় দি বাধাহীন ভাবে আবেৰ কাষ চাপিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি হত্যাকাৰী  য়ামাগামিয়ে ব্যৱহাৰ কৰা পিষ্টলটো হস্তনিৰ্মিত আছিল আৰু সেইটো হত্যাকাৰী জনে নিজেই সাজি লৈছিল।

    আক্ৰমণকাৰী টেটচুয়া য়ামাগামীয়ে আবেক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা  হস্তনিৰ্মিত পিষ্টলটো দেখাত কেমেৰাৰ দৰে লাগিছিল। আৰক্ষীয়ে লগতে কৈছে  যে আক্ৰমণকাৰীজনে আগতেও তেওঁৰ ঘৰত কেইবাটাও এনেধৰণৰ  পিষ্টল তৈয়াৰ কৰিছিল।

    গুলীচালনাৰ পিছত বিভিন্ন কেমেৰাত বন্দী হোৱা ফটো বোৰ চাই ক’ব পাৰি যে হত্যাকাৰী জনে আবেক গুলীওৱাৰ পিছতো পলাবলৈ মুঠেও চেষ্টা কৰা নাছিল।

    তেওঁ বন্দুকত এটা ক'লা পলিথিন মেৰিয়াই লৈ আহিছিল। ভিডিঅ'ত  স্পষ্টকৈ দেখা গৈছে যে আক্ৰমণকাৰীজনে আবেৰ পৰা  ১০-১৫   ফুট দূৰত্বত অৱস্থান কৰি  পৰা গুলীচালনা কৰিছিল।

    আক্ৰমণকাৰীজনে নিজকে এজন সাংবাদিক হিচাপে দেখুৱাই ছিল আৰু ফটো তোলাৰ অজুহাতত আবেলৈ ওচৰলৈ আহিছিল, তাৰ পিছতে হঠাতে তেওঁ গুলীচালনা কৰিছিল। আবেৰ দেহত  দুটা গুলীয়ে আঘাত কৰিছিল। দুয়োটা গুলী পিছফালৰ পৰা  কৰা হৈছিল। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪১ বছৰীয়া আক্ৰমণকাৰী টেটচুয়া য়ামাগামক গ্ৰেপ্তাৰ কৰিছে আৰু জেৰা অব্যাহত ৰাখিছে। 

    জেৰাৰ সময়ত আক্ৰমণকাৰীজনে কৈছে  যে তেওঁ শ্বিনজ’ আবেৰ নীতিত সুখী নাছিল আৰু তেওঁক হত্যা কৰিব বিচাৰিছিল। জাপানৰ নাৰা চহৰত শুক্ৰবাৰে পুৱা শ্বিনজ’ আবেৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰিত  কোৱা হৈছে যে হত্যাকাৰী য়ামাগামি সামুদ্ৰিক আত্ম-প্ৰতিৰক্ষা বাহিনীৰ সদস্য আছিল।