• আফগানিস্তানত মাটিৰ তলৰ পৰা খান্দি উলিওৱা এখন বিশেষ গাড়ীকলৈ চলিছে চৰ্চা, কাৰ গাড়ী এই খন?

    আন্তঃৰাষ্ট্ৰীয়
    আফগানিস্তানত মাটিৰ তলৰ পৰা খান্দি উলিওৱা এখন বিশেষ গাড়ীকলৈ চলিছে চৰ্চা, কাৰ গাড়ী এই খন?
    ডিজিটেল ডেস্কঃ এখন বিশেষ গাড়ীয়ে এতিয়া ছ’চিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ গাড়ী খনৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেলো হৈ পৰিছে৷ গাড়ী খন কোনো ৰজা-মহাৰজাই ব্যৱহাৰ কৰা গাড়ী নহয়, গাড়ী খন হৈছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা  তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ গাড়ী৷ 

    আমেৰিকাত তালিবানে সংঘটিত কৰা বিধ্বংসী ৯/১১ কাণ্ডৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই মোল্লা ওমৰক ধৰিবলৈ আফগানিস্তানত পিয়াপি দিছিল৷ সেই সময়তে তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰে ব্যৱহাৰ কৰা  তেওঁৰ অতিকৈ মৰমৰ গাড়ীখন পূৱ আফগানিস্তানত  মাটিৰ তলত  পুতি থৈছিল৷ 

    প্ৰায়  দুই দশকৰো অধিক সময় ধৰি সমাধিস্থ হৈ থকা গাড়ী খন এতিয়াও সুন্দৰ অৱস্থাতে আছে৷  বগা টয়োটা কৰোলাটো গাড়ীখন আফগানিস্তানৰ  জাবুল প্ৰদেশৰ এখন গাঁৱত তালিবানৰ প্ৰাক্তন নেতা আব্দুল জব্বাৰ ওমাৰিয়ে পুতি থৈছিল৷ গাড়ীখনৰ কথা হয়তো তালিবানৰে বহুতে পাহৰি পেলাইছিল৷ কিন্তু কথাষাৰ মনত আছিল গাড়ী খন পুতি থোৱা আব্দুল জব্বাৰ ওমাৰিৰ৷ কাৰণ তেওঁ নিজেই  গাড়ী খন পুতি থৈছিল৷

     আফগানিস্তান এতিয়া তালিবানৰ দখলত৷  সেয়ে তালিবান নেতা আব্দুল জব্বাৰ ওমাৰিয়ে  গাড়ী খন  পুতি থোৱা স্থানৰ পৰা খান্দি উলিয়াবলৈ নিৰ্দেশ দিছে৷ সেইমৰ্মে  গাড়ী খন  মাটিৰ তলৰ পৰা খান্দি উলিওৱা হৈছে৷ জাবুল প্ৰদেশৰ তথ্য আৰু সংস্কৃতি সঞ্চালক ৰহমতুল্লাহ হাম্মাদে কয় "গাড়ী খন  এতিয়াও ভাল অৱস্থাত আছে, কেৱল ইয়াৰ সন্মুখভাগ অলপ ক্ষতিগ্ৰস্ত হৈছে," ।   

    তালিবানে গাড়ীখন ৰাজধানী কাবুলৰ  ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত "মহান ঐতিহাসিক স্মাৰক" হিচাপে সংৰক্ষণ কৰিব বুলি  হাম্মাদে জানিবলৈ দিছে।  মোল্লা ওমৰে ১৯৯৬ চনত এক ৰক্তক্ষয়ী গৃহযুদ্ধৰ পিছত কঠোৰপন্থী তালিবানৰ জন্ম দিছিল৷তালিবানে  ইছলামিক আইনৰ কঠোৰ প্ৰয়োগ জনতাৰ ওপৰত  জাপি দিছিল। 

    মোল্লা ওমৰে টয়োটা কৰোলা বাহন খনেৰে আফগানিস্তানৰ বিভিন্ন স্থান ঘূৰি-ফুৰি তালিবানক শক্তিশালী কৰি তুলিছিল৷  ২০১৩ চনত মোল্লা ওমৰৰ মৃত্যু হৈছিল যদিও  তালিবানে সেই কথা  কেইবা বছৰ ধৰি গোপনে ৰাখিছিল। শেহতীয়াকৈ তালিবানে আফগানিস্তানৰ নিৰ্বাচিত চৰকাৰ খনক ওফৰাই নিজৰ শাসন প্ৰৱৰ্তন কৰিছে৷