• টুইটাৰৰ পৰা ৩,৭০০ কৰ্মচাৰীক অব্যাহতি দিয়াৰ পৰিকল্পনা ইলন মাস্কৰ! চিন্তিত বহু কৰ্মচাৰী

    আন্তঃৰাষ্ট্ৰীয়
    টুইটাৰৰ পৰা ৩,৭০০ কৰ্মচাৰীক অব্যাহতি দিয়াৰ পৰিকল্পনা ইলন মাস্কৰ!  চিন্তিত  বহু কৰ্মচাৰী
    ডিজিটেল ডেস্কঃ টুইটাৰৰ নতুন মালিক এলন মাস্কে ইয়াৰ আধা কৰ্মচাৰীক বিদায় দিয়াৰ পৰিকল্পনা কৰিছে ইলন মাস্কে।ব্লুমবাৰ্গ নিউজৰ এক প্ৰতিবেদন অনুসৰি এই মাহৰ আৰম্ভণিতে ৩,৭০০ কৰ্মচাৰীৰ ছাটাই আৰম্ভ হ'ব।

    উল্লেখ্য টুইটাৰ ক্ৰয় কৰাৰ পিছে ইলন মাস্কে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাক অপসাৰিত কৰিছিল। শেহতীয়াকৈ নিউয়ৰ্ক টাইমছেও এইবুলি বাতৰি প্ৰকাশ  যে মাস্কে নৱেম্বৰৰ আৰম্ভণিৰ পৰা ছাটাইৰ কাম আৰম্ভ কৰিব। 

    অৱশ্যে মাস্কে বাতৰিটো অস্বীকাৰ কৰিছে। ইলন মাস্কে  কৰ্মচাৰীসকলক শুকুৰবাৰে  ছাটাইৰ নিৰ্দেশ দিব বুলি বহুতে প্ৰকাশ কৰিছে।  প্ৰথম পৰ্যায়ত কোম্পানীটোৰ মুঠ কৰ্মশক্তিৰ এক-তৃতীয়াংশ ছাটাই কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। 

    তাৰ পিছত কৰ্মচাৰীৰ সংখ্যা ক্ৰমান্বয়ে আধা কৰা হ'ব। অৱশ্যে, এই বিষয়ে টুইটাৰে একো কথা প্ৰকাশ কৰা নাই। ব্লুমবাৰ্গৰ সূত্ৰ অনুসৰি মাস্কে টুইটাৰৰ কাম কৰাৰ পদ্ধতিও সলনি কৰিব। আগতে, এই কোম্পানীৰ কৰ্মচাৰীসকলে 'যিকোনো স্থানৰ নীতি'ৰ অধীনত বা তেওঁলোকে য'ৰ পৰা বিচাৰে কাম কৰিব পাৰিছিল।

     কিন্তু এই নিয়মটো সলনি হ'বলৈ গৈ আছে। তেতিয়াৰ পৰা, মাস্কে পৰিকল্পনা কৰিছে যে সকলোৱে কাৰ্যালয়ত কাম কৰিব লাগিব।  টুইটাৰ কিনাৰ পিছতে  ইলনে অধিক কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়াৰে  পৰা কৰ্মচাৰীসকলে সপ্তাহৰ প্ৰতিদিনে কাৰ্যালয়লৈ আহিব লাগিব। দিনে ১২ ঘণ্টা কাম কৰিব লাগিব।