• বৰিছ জনছনৰ প্ৰস্থান! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত ভাৰতীয় মূলৰ ঋষি সুনক

    আন্তঃৰাষ্ট্ৰীয়
    বৰিছ জনছনৰ প্ৰস্থান! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত ভাৰতীয় মূলৰ ঋষি সুনক
    ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা ভাৰতীয় মূলৰ ঋষি সুনকৰ। ঋষি সুনকে শুকুৰবাৰে বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে কনজাৰ্ভেটিভ পাৰ্টিৰ নতুন নেতা হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰাৰ্থীত্ব দাখিল কৰে। বৃহস্পতিবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। জনছনে কাৰ্যালয়ত থাকিব নে নাই সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাছিল যদিও কনজাৰ্ভেটিভ পাৰ্টিয়ে এজন নতুন নেতা বাছনি কৰে, যি জনছনৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ আসনত বহিব পাৰিব। ঋষি সুনকৰ সৈতে মুঠ পাঁচজন প্ৰাৰ্থীৰ নাম প্ৰধানমন্ত্ৰী পদৰ দৌৰত উঠিছে। বৃহস্পতিবাৰে জনছনে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা এই পদৰ বাবে ছুয়েলা ব্ৰেভাৰমেন, কনজাৰ্ভেটিভ পাৰ্টিৰ সাংসদ ষ্টিভ বেকাৰ, মন্ত্ৰী গ্ৰাণ্ট চেপছ, টম আৰু এতিয়া ঋষি সুনককে ধৰি পাঁচজন প্ৰতিদ্বন্দ্বীৱে আত্মপ্ৰকাশ কৰিছে। 

    ঋষি সুনাকে টুইটাৰত লিখিছে, "মই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী নেতা হ'বলৈ আৰু আপোনালোকৰ প্ৰধানমন্ত্ৰী হ'বলৈ থিয় দিছো। আহক আমি আত্মবিশ্বাস পুনৰ গঢ়ি তুলো, অৰ্থনীতি পুনৰ নিৰ্মাণ কৰোঁ আৰু দেশক পুনৰ একত্ৰিত কৰোঁ।" ব্ৰিটেইনৰ বিত্তমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ভাৰতীয় মূলৰ প্ৰথমজন ৰাজনীতিবিদ ঋষি সুনাক। শেহতীয়াকৈ তেওঁ বৰিছ চৰকাৰৰ পৰা পদত্যাগ কৰিছিল। টুইটাৰত নিজৰ প্ৰচাৰ অভিযানৰ ভিডিঅ’টো প্ৰকাশ কৰি তেওঁ কয় যে, "কোনোবাই সঠিক সিদ্ধান্ত ল'ব লাগিব। সেইবাবেই মই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী নেতা হ'বলৈ আৰু আপোনাৰ প্ৰধানমন্ত্ৰী হ'বলৈ থিয় দিছো।" কৰ'না মহামাৰীৰ সময়ত ব্ৰিটেইনৰ জনসাধাৰণৰ পৰা ঋষি সুনাকে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কৰ’নাৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ সময়ত ঋষি সুনক জনসাধাৰণৰ সৈতে অহৰহ সংযোগ স্থাপন কৰিছিল। 

    উল্লেখ্য যে ঋষি সুনকৰ ককাক-আইতাক পঞ্জাৱৰ পৰা ব্ৰিটেইনলৈ আহিছিল। ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিৰ সৈতে তেওঁৰ বিবাহ হৈছে। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। কেলিফৰ্ণিয়াত পঢ়ি থাকোঁতে দুয়োৰে লগ হৈছিল। প্ৰচাৰৰ ভিডিঅ'ত ঋষি সুনাকে আইতাকৰ কাহিনী শ্বেয়াৰ কৰিছে। তেওঁ ৰিপৰ্ট কৰিছিল যে আইতাই যুৱতী হৈ থাকোতে "উন্নত জীৱনৰ আশাত" বিমানত উঠি ইংলেণ্ডলৈ উৰা মাৰিছিল। তেওঁ সোনকালে চাকৰি পাবলৈ সক্ষম হৈছিল। কিন্তু স্বামীক ১০ বছৰ সময় লাগিছিল।" ঋষি সুনাকে লগতে কয় যে "মোৰ বাবে মোৰ পৰিয়ালটোৱেই সকলো।"

    উল্লেখ্য যে ৰাজনৈতিক ক্ষেত্ৰত শেষ মূহুৰ্ততো সকলো উলট-পালট হৈ যায়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰতো যদি শেষ সমীকৰণ সলনি নহয় তেন্তে ভাৰতীয় মূলৰ ঋষি সুনকৱেই হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।