• ইছলাম গ্ৰহণ কৰিছিলহে; হাৰ্ট এটেকত মৃত্যুক সাবটিলে মহিলাই

    আন্তঃৰাষ্ট্ৰীয়
    ইছলাম গ্ৰহণ কৰিছিলহে; হাৰ্ট এটেকত মৃত্যুক সাবটিলে মহিলাই
    ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কেইঘণ্টামানৰ পাছতেই মৃত্যুক আঁকোৱালি লয়। হাৰ্ট এটেকত মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে। ৰমজানৰ সময়ছোৱাত ডুবাইত সংঘটিত হোৱা এক ঘটনাই হাজাৰ হাজাৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

    ইয়াত ২৯ বছৰীয়া এগৰাকী মহিলাই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। চাকৰি বিচাৰি তিনিবছৰ পূৰ্বে ইউক্ৰেইনৰ পৰা ডুবাইলৈ আহিছিল মহিলাগৰাকী। মহিলাগৰাকীক চিনি পোৱা লোকসকলে কয় যে যোৱা কেইমাহমানৰ পৰা মহিলাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰিছিল। এই ৰমজানত তেওঁ ৰোজাও ৰাখিছিল। মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ শ লোকৰ সমাগম হয়। 

    ৰমজানত ৰোজা ৰাখি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই)ৰ ২৯ বছৰীয়া দাৰিয়া কোটছৰেংকোৰ মৃত্যু হয়। চিকিৎসকে মৃতদেহটো পৰীক্ষা কৰি দেখিলে যে মহিলাগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হৈছে।

    তেওঁ আছিল এগৰাকী খ্ৰীষ্টান মহিলা, যিয়ে তিনি বছৰ পূৰ্বে ইউক্ৰেইনৰ পৰা চাকৰি বিচাৰি ডুবাইলৈ গৈছিল।

    দাৰিয়াৰ অন্ত্যেষ্টিক্ৰিয়া ডুবাইৰ আল কুছাইছ কবৰস্থান মছজিদত সম্পন্ন কৰা হয়।