ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰাচীনতম বাসিন্দাৰ ১৯০তম জন্মদিন। সেই উপলক্ষে সজাই তোলা হৈছে দক্ষিণ আটলাণ্টিকৰ চেইণ্ট হেলেনা নামৰ দ্বীপটো। ফুল আৰু পোহৰেৰে আলোকিত কৰা হৈছে দ্বীপটো।
দ্বীপটোত বাস কৰা বিশ্বৰ প্ৰাচীনতম বাসিন্দা আন কোনো নহয়, জোনাথন নামৰ এটা বৃহাদাকাৰ এটা কাছহে। জোনাথনৰ জন্ম হৈছিল ১৮৩২ চনত, চিচিলিত। ১৮৮২ চনত তাক চিচিলিৰ পৰা চেইণ্ট হেলেনালৈ লৈ অহা হয়। তাৰপাছৰে পৰা সি বিশ্বৰ বিভিন্ন ঘটনাৱলীৰ সাক্ষী হৈ আহিছে। মাটিত ঘূৰা পকা কৰা জীৱৰ ভিতৰত জোনাথনকে আটাইতকৈ বয়সীয়াল প্ৰাণী হিচাপে গণ্য কৰা হয়।
বৰ্তমান জোনাথনৰ বাসস্থান চেইণ্ট হেলেনাৰ গভৰ্ণৰৰ বাসভৱন। জন্মদিন উপলক্ষে বাসভৱনৰ দৰ্জা খুলি ৰখা হৈছে। দৰ্শনাৰ্থীয়ে জোনাথনক আহি আশীষ প্ৰদান কৰিছে।
জনাথনৰ বয়স সম্পৰ্কেও ভিন্ন মত পোৱা যায়। চেইণ্ট হেলেনাৰ পৰ্যটন বিভাগৰ মুৰব্বী মেট জোশুৱাৰ মতে, জোনাথনৰ আচল বয়স ২০০ পাৰ হৈ গৈছে।
বয়সৰ ভাৰত সম্প্ৰতি দৃষ্টিশক্তি আৰু ঘ্ৰাণশক্তি হেৰাইছে জোনাথনৰ। কিন্তু শ্ৰৱণশক্তি অটুত আছে। জোনাথনৰ চিকিৎসকসকলে জনাইছে যে তাৰ মন, শৰীৰ ভালে থাকিলে মেজাজ ভালে থাকে। ৰাতিপুৱাৰ ৰ’দত ওম লৈ ভাল পায় জোনাথনে।
জোনাথনৰ লগত গভৰ্ণৰৰ বাসভৱনত আৰু তিনিটা বৃহদাকাৰ কাছই বাস কৰে। সিহঁতৰ নাম হৈছে- ডেভিড, এমা আৰু ফ্ৰেড। আটাইকেওটা কাছৰে এশ পাৰ হৈছে।
Leave A Comment