• অ'মিক্ৰনৰ বিৰুদ্ধে যুঁজ : জানো আহক বগৰীৰ গুণাগুণৰ বিষয়ে

    জীৱন শৈলী
    অ'মিক্ৰনৰ বিৰুদ্ধে যুঁজ : জানো আহক বগৰীৰ গুণাগুণৰ বিষয়ে

    ডিজিটেল ডেস্ক : মাৰাত্মক ডেল্টা প্ৰকাৰৰ পাছত, ক'ভিড-১৯ৰ নতুন অত্যাধিক সংক্ৰমিত প্ৰকাৰ অ'মিক্ৰন লাহে লাহে সমগ্ৰ ভাৰততে বিয়পি পৰিছে। নতুন প্ৰকাৰটোৱে টিকাকৰণ কৰা ব্যক্তিসকল দেহতো ধৰা পৰিছে৷ যাৰ বাবে ৰোগ প্ৰতিৰোধ খাদ্য খোৱাটো অধিক গুৰুত্বপূৰ্ণহৈ পৰিছে। কিছুমান পৰিৱৰ্তন কৰি স্বাস্থ্যকৰ জীৱনশৈলী বাছনি কৰিলে আপুনি হৈ থাকিব নিৰোগী। ভিটামিন চি-ক যাদুপুষ্টি বুলি কোৱা হয়৷ ভিটামিন চি-য়ে সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আপুনি জানেনে, বগৰীৰ আছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস৷ বগৰীয়ে কোষ্ঠকাঠিন্যৰ চিকিৎসা কৰিব পাৰে, মস্তিষ্কৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে আৰু অনিদ্ৰা নিৰাময় কৰিব পাৰে?





    বগৰীৰ যথেষ্ট লাভালাভ আছে। কেৱল ভিটামিন চি নহয়, এই ফলবিধত আছে ভিটামিন এ ও। ইয়াত এমিনো এচিড আছে আৰু এই ফলটো প্ৰাচীন ভাৰতত ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল।





    ফলটোৰ কৰ্কট ৰোধী গুণাগুণ আছে, ওজন হ্ৰাস কৰাত সহায় কৰে, দাঁত, হাড় আৰু পেশী স্বাস্থ্যৱান ৰাখে, হজমত সহায় কৰে।





    শীতকালত বগৰী খোৱাটো অন্তত্যই প্ৰয়োজনীয়৷ ইয়াৰ কাৰণ হৈছে-





    চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱেকাৰে বগৰীৰ গুণাগুনৰ বিষয়ে ইনষ্টাগ্ৰামত লিখিছিল, 'বগৰী হৈছে পুষ্টিকৰ খাদ্য৷ ই শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰে৷ পুষ্টিবিদজনে বগৰীৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, 'আপুনি এই ঋতুত বগৰী খাই আছে নেকি? ই ভিটামিন চি সমৃদ্ধ৷ বগৰী খালে ছালৰ উজ্জ্বল বাঢ়ে। লগতে শীতকালীন প্ৰায়ে অসুস্থ হোৱা শিশুসকলৰ স্বাস্থ্যৰ বাবেও উৎকৃষ্ট৷'