• আপুনি জাননে মেথি হৈছে বহু ৰোগৰ প্ৰতিষেধক : গুণাগুণ আৰু উপকাৰিতা সমূহ এনেধৰণৰ

    জীৱন শৈলী
    আপুনি জাননে মেথি হৈছে বহু ৰোগৰ প্ৰতিষেধক : গুণাগুণ আৰু উপকাৰিতা সমূহ এনেধৰণৰ

    গুৱাহাটী : সুস্বাদু খাদ্যৰ প্ৰতি মানুহৰ দুবৰ্লতা অধিক। আমি আমাৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি হ’বলৈ মচলা ব্যৱহাৰ কৰো। সকলো মানুহৰ বাবে এই মচলাবোৰ ৰুচিকৰ নহ’লেও বহু মানুহৰ বাবে মচলা নহ’লে খাদ্যবস্তু জুতি নালাগে। অতীতৰে পৰা চলি অহা এই মচলাবোৰৰ মাজৰে এবিধ অতি উপকাৰী মচলা হ’ল মেথি । মেথি গুটিৰ ইংৰাজী নাম ফেনুগ্ৰীক।









    ভাৰতত মচলা দিয়া খাদ্যৰ প্ৰতি মানুহৰ দুবৰ্লতা অধিক। কিন্তু অধিক মচলাযুক্ত খাদ্যই আমাৰ পাচন তন্ত্ৰ দূৰ্বল কৰিব পাৰে। কিন্তু মেথি ব্যৱহৃত খাদ্য খালে আপুনি কিছুমাণ মাৰাত্মক বেমাৰৰ পৰা মুক্ত পাৱ পাৰে। মেথিৰ গুণাগুণ সমূহ এনেধৰণৰ-









    মেথি গছ হৈছে বনজাতীয় শাক। ডিম্বাকৃতিৰ সৰু সৰু পাত থাকে। পাতবোৰ দালিত দি খাব পাৰি। গুটিবোৰ হালধীয়া আৰু তিতা ভাব আছে৷ আকৃতিত সৰু মেথি গুটিবোৰৰ উপকাৰিতাও অধিক আছে বুলি গৱেষকসকলে পৰীক্ষা-নিৰীক্ষা কৰি তথ্য প্রকাশ কৰিছে। গৱেষকসকলৰ মতে, মেথি গুটি খালে চুলিৰ সমস্যা দূৰ হয়। ডায়েবেটিছ ৰোগীয়ে পুৱা মেথি গুটি খালে ছুগাৰ হ্রাস হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবেও উপকাৰী। ওজন কমাবলৈ পুৱা খালী পেটত মেথি গুটি চোবাই খালেও উপকাৰিতা পায়। জ্বৰ বা অৰুচি হ’লেও মেথি গুটি খাব পাৰিলে আৰোগ্য লাভ কৰে। শ্বাস-প্ৰশ্বাসৰ অসুবিধাবোৰ, মুখত হোৱা ঘা, ডিঙিৰ বিষ, জ্বলন-পোৰণ, আঘাত আৰু টোপনি নাহিলে টোপনি অহা আদি অনেক ৰোগৰ মহৌষধ বুলি গৱেষকে কয়। মাতৃ দুগ্ধ কম হ’লে মেথি খালে দুগ্ধ বেছি হয় বুলি কয়। মাহেকীয়াত হোৱা বিষ-বেদনা উপশম কৰে বুলি জনা যায়। ডিম্বাশয় ৰোগৰ বাবে মেথিৰ উপকাৰিতা আছে। হৃদযন্ত্ৰৰ হ’বলগীয়া বিভিন্ন সমস্যা ৰোধ কৰাত মেথি গুটিৰ শক্তি আছে বুলি প্রমাণ পাইছে।