• আপোনাৰ সৌন্দৰ্য্য বৃদ্ধিত সহায়ক হ'ব পাৰে অপৰাজিতা চাহ: ইয়াৰ গুণাগুণসমূহ এনেধৰণৰ

    জীৱন শৈলী
    আপোনাৰ সৌন্দৰ্য্য বৃদ্ধিত সহায়ক হ'ব পাৰে অপৰাজিতা চাহ: ইয়াৰ গুণাগুণসমূহ এনেধৰণৰ

    গুৱাহাটী : বিভিন্ন বনৌষধিৰ দৰে অপৰাজিতা আমাৰ অসমত বিশেষকৈ মাংগলিক কাৰ্য অৰ্থাৎ পূজা পৰ্বত যথেষ্ট ব্যৱহাৰ হয় বুলিহে জ্ঞাত। কিন্তু অপৰাজিতাৰ যে বিশেষ গুণ আছে আৰু ঔষধি গুণেৰে সম্পন্ন, সেই বিষয়ে হয়তো বহুতে জ্ঞাত নহয়। অপৰাজিতা বহুত ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ৷ সেইবোৰৰ ভিতৰত চাহ, চৰ্বত, জুইচ ইত্যাদি৷ এই নতুন চাহবিধ লাহে লাহে জনপ্ৰিয়তাৰ দিশলৈ গতি ধৰিছে৷ কিন্তু এই চাহকাপ গ্ৰহণ কৰাৰ আগতে ইয়াৰ বিষয়ে জানি লোৱাটো নিত্যান্তই প্ৰয়োজনীয়৷





    অপৰাজিতা চাহ আৰু ইয়াৰ উপকাৰিতাসমূহ এনেধৰণৰ-অপৰাজিতা চাহ সেৱন কৰি মানুহে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰে ৷ অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, বল ক্ষয় আৰু ব্ৰেইন ট’নিক হিচাপে বহুত উপকাৰী। এই চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়। অপৰাজিতা চাহ খালে এন্টিঅক্সিজেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।





    অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ লগতে চৰ্দি, কাহ, এজমা, মাত ভঙাৰ পৰা ও উপশম পায়৷ যিসকলৰ সুন্দৰ কন্ঠ, তেওঁলোকে অপৰাজিতা চাহ নিতৌ দুবাৰকৈ সেৱন কৰিব লাগে। *অপৰাজিতা চাহ সেৱন কৰিলে চুলিৰ বৃদ্ধি হয়, চুলিৰ উজ্জ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ক’লা দাগৰ পৰা উপশম পায়। অপৰাজিতা চাহ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহ আদি বেমাৰৰ পৰা নিৰাময় পাৱ পাৰে৷