• বৃষ ৰাশিৰ ধন লাভ, প্ৰেমত শুভ কৰ্কটৰ : চাওক আপোনাৰ ৰাশিফল

    জীৱন শৈলী
    বৃষ ৰাশিৰ ধন লাভ, প্ৰেমত শুভ কৰ্কটৰ : চাওক আপোনাৰ ৰাশিফল

    ১৩ পুহ, বুধবাৰ, ইং ২৯ ডিচেম্বৰ, ২০২১






    মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ মনত ভাবি থকা কথাবোৰ আজি প্ৰকাশ কৰিবলৈ সুযোগ লাভ কৰিব৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ৷






    বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ৷ আয় বৃদ্ধি৷ মনত সামান্য ভয় ভাৱ বৃদ্ধিৰ যোগ। 






    মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ সামাজিক কৰ্মত সফলতা লাভ৷ খেতিয়কসকলৰ শুভ।   






    কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব৷ সামান্য ব্যয় বাঢ়িব পাৰে৷ প্ৰেম প্ৰণয়ত সজাগ হোৱাটো ভাল।






    সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং আৰু অভিমান ভাব বাঢ়িব পাৰে৷ কৰ্মক্ষত্ৰত সাহস বৃদ্ধিৰ যোগ দেখা যায়।






    কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব৷ কৰ্মক্ষত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল।





    তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সজাগ নহলে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধিৰ যোগ।  






    বৃশ্চিক ৰাশি  - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ৷ ভাতৃসম ব্যক্তিৰ পৰা সহায়-সহযোগিতা লাভ৷ মনত সামান্য অভিমান ভাব বৃদ্ধিৰ যোগ। 






    ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে৷ সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ।






    মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ সুখ বাঢ়িব৷  সজাগ নহলে মনত সামান্য হতাশাৰ ভাব আহিব পাৰে।






    কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব৷ জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰিব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ।






    মীন ৰাশি-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ সামান্য ব্যয় বাঢ়িব, লগতে কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।