ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক: মাটিৰ তলৰ পৰা দেৱ-দেৱীৰ প্ৰতিমূৰ্তি উদ্ধাৰ হোৱাটো সাধাৰণ কথা৷ এনেধৰণৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ কিন্তু এইবাৰ বেংকৰ লকাৰৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰাচীন শিৱলিংগ ৷ পিছে শিৱলিংগটোৰ মূল্য শুনিলে আপোনাৰো চকু কপালত উঠিব৷ এই শিৱলিংগটোৰ মূল্য হৈছে ৫০০ কোটি টকা৷
তামিলনাডুৰ থাঞ্জাভুৰত এজন বৃদ্ধ ব্যৱসায়ী এন.এ. চামিয়াপ্পানৰ বেংক লকাৰত এটা প্ৰাচীন শিৱলিংগ পোৱা গৈছে। পান্না ৰত্নৰে নিৰ্মিত, ৫৩০ গ্ৰাম ওজনৰ শিৱলিংগৰ মূল্য ৫00 কোটি টকা। ৮ ছেঃমিঃ দীঘল শিৱলিংগটো ধৰ্মপুৰম অধৰামৰ দৰে পৃষ্ঠপোষকৰ সৈতে সম্পৰ্কিত বুলি নিশ্চিত কৰা হৈছে।
চিআইডিৰ আইড’ল শাখাৰ বিষয়াসকলে বৃহস্পতিবাৰে উদ্ধাৰ কৰে পান্না ৰত্নৰে নিৰ্মিত শিৱলিংগটো। থাঞ্জাভুৰৰ এটা ঘৰত প্ৰাচীন আৰু বিৰল মূৰ্তিবোৰ জমা কৰা হৈছিল বুলি এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।
অনুসন্ধানৰ সময়ত, এন.এ. চামিয়াপ্পানৰ পুত্ৰ এন.এছ. অৰুণে তদন্তকাৰী বিষয়াসকলক কৈছিল যে তেওঁৰ পিতৃয়ে এটা পান্নাৰ শিৱলিংগ বেংক লকাৰত ৰাখিছে। অৱশ্যে, তেওঁ তথ্যচিত্ৰৰ প্ৰমাণ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল। শেহতীয়াকৈ আইড’ল উইং আৰক্ষীয়ে পান্নাৰ শিৱলিংগটো জব্দ কৰে আৰু এটা গোচৰ ৰুজু কৰে। চিআইডি আৰক্ষীৰ আইড’ল শাখাই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
সন্দেহ কৰা হৈছে যে, পান্নাৰ শিৱলিংগটো তিৰুক্কুৱালাইৰ শিৱ মন্দিৰৰ৷ জানিব পৰা মতে, এই শিৱলিংগটো ২০১৬ চনত মন্দিৰৰ পৰা নিৰুদ্দেশ হৈছিল৷ তদন্তকাৰী বিষয়াই এই শিৱলিংগটো ১০০০বছৰৰ পুৰণি বুলিও অভিহিত কৰে। অৱশ্যে, বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তিতহে শিৱলিংগটোৰ বয়স জানিব পৰা হ’ব বুলি আৰক্ষীয়ে মন্তব্য কৰে।
Leave A Comment