• বৰদিনৰ সময়ত অফাৰত ভোল গ’লে পৰিব পাৰে বিপদত!

    জীৱন শৈলী
    বৰদিনৰ সময়ত অফাৰত ভোল গ’লে পৰিব পাৰে বিপদত!

    ডিজিটেল ডেস্ক: বৰদিনলৈ কেনেকৈ সাজু হৈছে আপুনি? ছান্তাক্ল’জৰ উপহাৰৰ টোপোলাৰ পৰা আৰম্ভ কৰি ৰঙীন লাইট, খ্ৰীষ্টমাছ ট্ৰী, নতুন কাপোৰ আৰু কত যে কি? এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে৷ গুৱাহাটী মহানগৰীতো খ্ৰীষ্টমাছে উপলক্ষে সজাই তোলা হৈছে গীৰ্জাঘৰসমূহ৷ শ্বপিং মল, দোকান-পোহাৰসমূহো পাছপৰি ৰোৱা নাই এইক্ষেত্ৰত৷





    দেশৰ অৰ্থনীতিৰ দ্ৰুতঅৱনতিৰ সময়তে তথা সা-সামগ্ৰীৰ অভাৱনীয় দামবৃদ্ধিত সাৱধানতা অৱলম্বন কৰাতো অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ উৎসৱ-পাৰ্বনৰ নামত কৰা অত্যধিক খৰচৰ মাত্ৰাই বিপদত পেলাব পাৰে আপোনাক৷ এই সময়ছোৱাত বিভিন্ন প্ৰসাধন সামগ্ৰী, কাপোৰৰ বেণ্ডকে ধৰি বহু সা-সামগ্ৰীত আকৰ্ষণীয় অফাৰ ঘোষণা কৰিছে কোম্পানীসমূহে৷ দৈনিক বৃদ্ধি হোৱা সা-সামগ্ৰীৰ মূল্যৰ প্ৰতি সজাগ হৈ এই অফাৰত সহজে ভোল নাযাব৷ নহ’লে খৰচ বচাবলৈ গৈ বিপদতহে পৰিব পাৰে আপুনি৷





    ইতিমধ্যে অনলাইন শ্বপিং এপ্ বিশেষকৈ ফ্লিপকাৰ্ট, মিন্ট্ৰা, এমাজন আদিয়ে ৮০ শতাংশলৈকে অফাৰ ঘোষণা কৰিছে৷ খাদ্যপ্ৰেমীসকলকো আকৰ্ষণ কৰিবলৈ আকৰ্ষণীয় খাদ্যসম্ভাৰেৰে আপ্যায়িত কৰিবলৈ সাজু হৈছে বিভিন্ন কেফে, ৰেস্তোঁৰা৷