• মধুমেহ, উচ্চ-ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ খাওক বাহী ৰুটি

    জীৱন শৈলী
    মধুমেহ, উচ্চ-ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ খাওক বাহী ৰুটি

    ডিজিটেল ডেস্ক: বাহী খাদ্যৰ সোৱাদ সুকীয়া৷ তাতে বাহী হাঁহৰ মাংস বুলিলে আমেজ সুকীয়া৷ বৰ্তমান সময়ত ৰাজ্যজুৰি ন-ভোজৰ উলাহ-উদ্দীপনা বৃদ্ধি পাইছে৷ আৰু এনেসময়তে ৰৈ যোৱা খাদ্যও পুৱা জুতি লোৱা বহুজন আছে৷ বাহী হোৱা খাদ্যৰ গুণাগুণা সামগ্ৰী ভেদে ভিন্ন৷ কিছুমান বাহীখাদ্য শৰীৰৰ বাবে উপকাৰী, আন কিছুমান অপকাৰী৷ তাৰ ভিতৰত বাহী ৰুটি শৰীৰৰ বাবে বিশেষ লাভদায়ক বুলি গণ্য হৈছে৷





    ঘৰতে ঘেহুৰে তৈয়াৰ কৰা ৰুটিবাহী কৰি খালে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ এই ৰুটি খালে শৰীৰত দেখা দিয়া ভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ জানো আহক বাহী ৰুটি খোৱাৰ গুণাগুণসমূহ-









    মধুমেহ সমস্যা : বৰ্তমান সময়ত দেখা দিয়া মাৰাত্মক ৰোগৰ ভিতৰত মধুমেহ হৈছে সকলোতকৈ ওপৰত৷ ভাৰতৰ প্ৰাপ্তবয়স্ক লোকসকলৰ ক্ষেত্ৰত আনুমানিক ৭২.৯৬ নিযুত লোক এই ৰোগত আক্ৰান্ত হৈছে। মধুমেহ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে৷ তাৰ উপৰি এই ৰোগ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকে এক বিশেষ পৰামৰ্শও আগবঢ়াইছে৷ ঘৰত বনোৱা বাহীৰুটি পুৱাৰ ভাগতেই সেৱন কৰা উচিত৷ এই ৰুটি গৰম গাখীৰত ৫ৰ পৰা ৭মিনিট তিয়াই ৰাখি সেৱন কৰিলে মধুমেহ নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসু হয়৷









    উচ্চ ৰক্তচাপ : বাহীৰুটি খালে উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ হয়৷ ঘৰত বনোৱা ৰুটি গাখীৰৰ সৈতে খালে উচ্চ ৰক্তচাপৰ সমস্য সামাধান হয়৷





    কোষ্ঠকাঠিন্যৰ সমস্যা: পুৱা ঠাণ্ডা গাখীৰৰ সৈতে বাহীৰুটি খালে সহজে গেছৰ সমস্যা, কোষ্ঠকাঠিন্য সমস্যা আঁতৰ কৰিব পাৰে।