ক্ৰীড়া
ডিজিটেল ডেস্ক : ‘ছেটাৰ ডে’ নাইট’-বুলিলেই মনলৈ আহে এটা ৰঙীন নিশা৷ সপ্তাহটোৰ কাম-কাজ সামৰি চিগাৰেটৰ ধোঁৱা, হাতত ৰঙীন গ্লাছলৈ বিলীন হৈ মায়াবী ৰাতিৰ বুকুত৷ কাইলৈ দেওবাৰ, বন্ধৰ দিন৷ শনিবাৰৰ নিশাটোলৈকেহে যেন সকলো অপেক্ষাৰত৷ ধূমপান, সুৰাৰ ৰাগীত বহু মাতাল হৈ পৰে শনিবাৰৰ নিশা৷ যুৱ-প্ৰজন্মৰ মাজত এই শনিবাৰৰ নিশাই বিশেষভাৱে লাভ কৰে গুৰুত্ব৷ দৈনিক সুৰাপায়ী তথা মাদক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে যুৱ-প্ৰজন্মৰ মাজত৷
এই নিশাটোতে ভৰ্তি হৈ পৰে ক্লাব, বাৰ, পাবকে ধৰি বহু আমোদজনক স্থান৷ তাতে আকৌ ডিচেম্বৰ মাহ৷ শীতৰ আমেজ লৈ নিচাসক্ত হৈ পৰে বহু লোক৷ অত্যধিক হাৰত বৃদ্ধি পোৱা এনে পৰিস্থিতিৰ ফলতেই বৃদ্ধি হৈছে যুৱ উশৃংখলতা৷ সংঘটিত হয় বহু দুৰ্ঘটনাও৷ বৃদ্ধি পাবলৈ ধৰিছে মনোৰোগ, উচ্চ ৰক্তচাপজনিত ৰোগ, হাৰ্টৰ ৰোগকে ধৰি কৰ্কট ৰোগীৰ সংখ্যাও৷ আজিৰ সময়ত উন্নত স্বাস্থ্যৰ প্ৰতি একাংশ সজাগ-সচেতন হৈছে যদিও ব্যাপক হাৰত বৃদ্ধিও হৈছে মাদকদ্ৰব্য সেৱনকাৰীৰ সংখ্যা৷ যাৰ ফলত বহু যুৱ-প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে৷ ইপিনে সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ বহু যুৱক-যুৱতী আগ্ৰহী নোহোৱাও নহয়৷
শৰীৰচৰ্চা, সৌন্দৰ্যচৰ্চাই যুৱচামক আকৰ্ষিত কৰিলেও ইয়াৰ হাৰ যথেষ্ট কম৷ যাৰ বাবে এই শনিবাৰৰ নিশা যেন হৈ পৰে মাতাল মায়াবী নিশা৷ বহু কম বয়সৰ পৰাই এনে শনিবাৰৰ নিশা উদযাপনে বহু যুৱ-প্ৰজন্মক বিপদৰ মাজলৈও থেলি নিদিয়া নহয়৷ এইক্ষেত্ৰত অভিভাৱক তথা পৰিয়ালেও গুৰুত্ব দিয়া উচিত যাতে অতি সহজে আৰু কম বয়সতে এনে ৰাগীত আসক্তি হৈ এটা সুন্দৰ ভৱিষ্যত মোহাৰি নেপেলায়৷ ইয়াৰ পৰিৱৰ্তে সঠিক সময়ত পৰিয়ালৰ সৈতে সময় কটোৱা তথা সুন্দৰ শৰীৰ আৰু মন গঢ়াৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰে৷
Leave A Comment