• 'মেদবহুলতাৰ পৰা নিৰাময় পাবলৈ প্ৰতিদিনে কৰক শৰীৰ চৰ্চা'

    জীৱন শৈলী
    'মেদবহুলতাৰ পৰা নিৰাময় পাবলৈ প্ৰতিদিনে কৰক শৰীৰ চৰ্চা'

    গুৱাহাটী : স্বাস্থ্যই হৈছে মানৱ জাতিৰ পৰম সম্পদ৷ নিৰোগী স্বাস্থ্যত বাস কৰে সুস্থ মনে৷ কিন্তু আজি-কালি ব্যস্ততাপূৰ্ণ জীৱনত সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়৷ আজিৰ আধুনিক দৈনন্দিন জীৱনশৈলীত যন্ত্রৰ সহায়ত শাৰীৰিক কষ্ট অবিহনে প্রায় সকলোবোৰ কামৰ সমাধান সম্ভৱ হৈ উঠিছে৷ যাৰ ফলত বৰ্তমান ভাৰতত মেটবহুলতাৰ সমস্যাই মূৰ দাঙি উঠিছে৷





    মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ আৰু মধুমেহকে ধৰি অন্যান্য বহুতো স্বাস্থ্যজনিত সমস্যাৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। আৰু এই সমস্যা সৰ্বাধিক হ'লে ২০২৫ চনৰ ভিতৰত মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ অভিলেখ গঢ়িব৷ ইতিমধ্যে ৬৫ নিযুততকৈয়ো অধিক ভাৰতীয় এই ৰোগত আক্ৰান্ত হৈছে। বয়স, লিংগ, ভৌগোলিক পৰিৱেশ, আৰ্থ-সামাজিক স্থিতি আদিৰ বাবে ভাৰতত মেদবহুলতাৰ প্ৰচলন পৃথক হয়৷





    বৰ্তমান সময়ত এই সমস্যাৰ পৰা হাত সাৰিবলৈ সকলোৱে শৰীৰচৰ্চাত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে৷ সঠিক সময়ত উৎকৃষ্ট আহাৰ গ্ৰহণ কৰাৰ লগতে শৰীৰচৰ্চা কৰিলে মেদবহুলতাৰ সমস্যাৰপৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰে৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, মেদবহুলতাৰ পৰা নিৰাময় পাবলৈ প্ৰতিদিনে শৰীৰচৰ্চাটো অত্যন্তই প্ৰয়োজনীয়৷