ডিজিটেল ডেস্কঃ কিতাপ মানৱ সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংগ। গ্ৰন্থ অধ্যয়নে মানুহক পৰিপক্ক কৰে। আজি বিশ্ব গ্ৰন্থ দিৱস। এই উপলক্ষে বিশ্বৰ ইতিহাসত সৰ্বকালৰ পাঁচখন বেষ্ট চেলাৰ গ্ৰন্থৰ বিষয়ে অৱগত কৰিবলৈ লোৱা হৈছে। বিভিন্ন উৎসৰ পৰা আহৰণ কৰা এই তথ্যত বিভিন্নধৰণৰ কিতাপে স্থান লাভ কৰিছে।
বেষ্ট চেলাৰ কিতাপৰ এই তালিকাত বাদ দিয়া গৈছে কিছুমান ধৰ্মীয় আৰু ৰাজনৈতিক কিতাপ। দ্য বাইবেল, কোৰআন, আৰু চেয়াৰমেন মাওৰ উদ্ধৃতি আদি গ্ৰন্থসমূহ এক বিলিয়নতকৈও অধিক কপি বিক্ৰী হৈছে বিশ্বাস কৰা হয়। কিন্তু এই কিতাপবোৰৰ বিক্ৰীৰ সংখ্যা অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ। ইয়াৰ কাৰণ হৈছে বহুতো গীৰ্জা বা চৰকাৰে এইসমূহ বিতৰণ কৰি আহিছে।
এতিয়া চাওঁ আহক সৰ্বকালৰ পাঁচখন বেষ্ট চেলাৰ গ্ৰন্থৰ এখন সংক্ষিপ্ত তালিকাঃ
১) মিগেল ডি কাৰভেণ্টিছে ৰচনা কৰা 'ডন কুইক্সোট’। এই স্পেনিছ গ্ৰন্থখনক আধুনিক কাহিনী সাহিত্যৰ বাটকটীয়া বুলি কোৱা হয়। বৰ্তমানলৈকে ৫০ কোটি কপি বিক্ৰী হৈছে ডন কুইকসোট।
২) চাৰ্লছ ডিকেনস্ৰ 'এ টেল অৱ টু চিটিজ’। প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক চাৰ্লছ ডিকেন্সৰ কেইবাখনো উপন্যাসৰ ভিতৰত এইখনক জাকত জিলিকা হিচাপে ধৰা হয়। উপন্যাসখনৰ ২০ কোটি কপি বিক্ৰী হৈছে।
৩) জে.আৰ.আৰ. টকিয়েনৰ 'দ্য লৰ্ড অৱ দ্য ৰিংছ’। এই কল্পকাহিনীখনক লৈ হলিউডত চিনেমাও নিৰ্মাণ হৈছে। ১৫ কোটি কপি বিক্ৰী হৈছে দ্যা লৰ্ড অৱ দ্যা ৰিংছ।
৪) এণ্টোৱান ডি চেণ্ট-এক্সুপেৰী আৰু জে.আৰ.আৰ. টল্কিনক 'দ্য লিটল প্ৰিন্স’। এই উপন্যাসখন ১৪২ মিলিয়ন কপি বিক্ৰী হৈছে।
৫) জে.কে. ৰাউলিঙৰ 'হেৰী পটাৰ এণ্ড দ্য ছৰ্চাৰেৰছ ষ্টোন’। হেৰী পটাৰ চিৰিজৰ এই উপন্যাসখনৰ ১০৭ মিলিয়ন কপি বিক্ৰী হৈছে।
Leave A Comment