• ওজন বৃদ্ধিৰ ফলতো হ’ব পাৰে কেন্সাৰ দৈনিক ব্যায়ামেও কৰিব পাৰে কেন্সাৰ প্ৰতিৰোধ

    জীৱন শৈলী
    ওজন বৃদ্ধিৰ ফলতো হ’ব পাৰে কেন্সাৰ  দৈনিক ব্যায়ামেও কৰিব পাৰে কেন্সাৰ প্ৰতিৰোধ
    ডিজিটেল ডেস্ক
    সমগ্ৰ দেশতে বৰ্তমান  কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।২০১৮ চনত দেশত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২.৫ নিযুত। ২০২০  চনত, সেই সংখ্যা ৪.৯  নিযুতলৈ বৃদ্ধি হৈছিল। বৰ্তমান দেশত কৰ্কট ৰোগীৰ সংখ্যাই  এক কোটি অতিক্ৰম কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, প্ৰতিদিনে ১৫০০ ৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। এই মাৰাত্মক ৰোগটো যুৱ প্ৰজন্মৰ মাজতো বাঢ়ি অহা দেখা গৈছে৷ 

    কৰ্কট ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। কৰ্কট হৈছে এক বহু কাৰকযুক্ত ৰোগ। চিকিৎসকে কয় যে অস্বাস্থ্যকৰ জীৱনশৈলী, বাহিৰৰ খাদ্য খোৱাৰ প্ৰতি থকা  প্ৰৱণতাইয়ো  মানৱ শৰীৰত কৰ্কটৰ জন্ম দিব পাৰে।

    শেহতীয়াকৈ, চিকিৎসকসকলে কয় যে নিয়মীয়া ব্যায়ামৰ অভ্যাসে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। অতিৰিক্ত ওজনে অন্ত্ৰ আৰু স্তনৰ দৰে বিভিন্ন অঙ্গত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।সেইয়ে  চিকিৎসকসকলে প্ৰতিদিনে এঘণ্টা ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। শাৰীৰিক ব্যায়ামে কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে। নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাসে শৰীৰত এষ্ট্ৰোজেনৰ স্তৰ হ্ৰাস কৰে৷  সেয়েহে কৰ্কট ৰোগ হোৱাৰ আশংকাও কমি যায়৷ এই  মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত থাকিবলৈ প্ৰতিদিনে ৩০ মিনিটৰ পৰা এক ঘণ্টা ব্যায়াম কৰাটো বাধ্যতামূলক।
    চিকিৎসকসকলে কয় যে ব্যায়াম কৰাৰ কেৱল  অৰ্থ জিমত ঘাম ওলোৱা নহয়। কিছুমান সৰল ব্যায়াম যেনে চাইকেল চলোৱা, সাঁতোৰ, খোজ কঢ়া, যোগে কৰ্কট ৰোগৰ প্ৰৱণতা হ্ৰাস কৰিব। ফুটবল, ভলীবল, বাস্কেটবলৰ দৰে কিছুমান ক্ৰীড়াও দৈনন্দিন ব্যায়ামৰ ৰুটিনত ৰাখিব পাৰি।