• গাখীৰ খাই ভাল নোপোৱাসকলে কেলচিয়ামৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰিব, জানি লওক

    জীৱন শৈলী
    গাখীৰ খাই ভাল নোপোৱাসকলে কেলচিয়ামৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰিব, জানি লওক

     ডিজিটেল ডেস্ক : আমি সকলোৱে জানো
    যে গাখীৰ এনে এবিধ পানীয় য’ত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। গাখীৰত থকা কেলচিয়ামে
    হাড় সুস্থ-সবল শক্তিশালী কৰাৰ লগতে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে। কিন্তু সকলোৱে গাখীৰ
    খাই ভাল নাপায়, গতিকে সেই লোকসকলে শৰীৰত কেলচিয়ামৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিব
    জানো আহক।



     গাখীৰৰ বাহিৰেও কেলচিয়ামসমৃদ্ধ
    উৎস-



    ১. কমলাঃ-কমলাক ভিটামিন-চিৰ উৎস
    বুলি কোৱা হয়। সেয়েহে কমলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু এই ফলৰ ৰস খালে
    শৰীৰত কেলচিয়ামৰ অভাৱো পূৰণ হয়।



    ২. ওটচঃ-ওটচ হৈছে অতি স্বাস্থ্যকৰ
    খাদ্য যিটো আমি সাধাৰণতে ব্ৰেকফাষ্টত খাওঁ, ইয়াত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে
    শৰীৰক শক্তিশালী কৰে, গতিকে গাখীৰ সেৱন নকৰাসকলৰ বাবে ই কেলচিয়ামৰ প্ৰধান উৎস।



    ৩. ৰ’দৰ পোহৰঃ-আপুনি নিশ্চয় শুনিছো
    যে সূৰ্যৰ তাপৰ পৰা আমি ভিটামিন-ডি পাওঁ। কিন্তু সূৰ্যৰ তাপৰ জৰিয়তে কেলচিয়াম লাভ
    কৰিব পাৰি।



    ৪. সেউজীয়া পাতৰ শাক-পাচলিঃ-সেউজীয়া
    শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়। সেউজীয়া শাকৰ পৰা অন্যান্য পুষ্টিকৰ
    উপাদানৰ উপৰি কেলচিয়ামো লাভ কৰিব পাৰি।